অসম

ডি ভোটাৰৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহত্যা, হিন্দু বাঙালীক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ ফল ভোগ কৰিব লাগিব চৰকাৰৰ: ৰঞ্জন সৰকাৰ

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: বহু আশা বুকুত লৈ অসমত বসবাস কৰা গৰিষ্ঠসংখ্যক হিন্দু বাঙালীয়ে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সকলক ভোট দিছিল। অসমত বিজেপিৰ চৰকাৰ গঠন হ’লে হিন্দু বাঙালী সকলৰ নিৰাপত্তাৰ লগতে ডি ভোটাৰৰ নামত প্ৰকৃত নাগৰিক সকলক হাৰাশাস্তি কৰাটো বন্ধ হোৱাৰ উপৰি এই সমস্যাটোৰ স্থায়ী সমাধানৰ আশা কৰিছিল। কিন্তু আজি বিজেপি চৰকাৰৰ দিনত ডি ভোটাৰৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি এজন লোকে আত্মহত্যা কৰিছে। এই আত্মহত্যাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰক জগৰীয়া বুলি দাবী কৰাৰ লগতে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে বাঙালী জনমুক্তি বাহিনীৰ সভাপতি ৰঞ্জন সৰকাৰে।এই ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ জিলা সদৰ চহৰৰ সমীপৰ মাগুৰমাৰীত। নাগৰিকত্বৰ সকলো বৈধ নতি পত্ৰ থকাৰ পাছতো মাগুৰমাৰী গাঁৱৰ বাসিন্দা সুনীল সৰকাৰক ডি ভোটাৰ সজাই দীৰ্ঘ দিনৰ পৰা হাৰাশাস্তি কৰা হৈছে। লোকজনে বহু চেষ্টাৰ পাছতো ডি ভোটাৰৰ সমস্যাটোৰ সমাধান নোহোৱাত যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মহত্যাৰ পথ বাছি লয়। দীৰ্ঘদিন ধৰি ডি ভোটাৰৰ সমস্যাত ভোগি থকাৰ বাবে লোকজন হতাশাগ্ৰস্ত হৈ পৰে আৰু যোৱা ১২ জুলাই চিপ লৈ আত্মহত্যা ধৰে চৰম পথ বাছি লয়। লোকজনৰ মৃত্যুৰ বাবে বাঙালী জনমুক্তি বাহিনীয়ে সৰ্বানন্দ সোণোৱাল চৰকাৰক জগৰীয়া কৰিছে। অসম চৰকাৰে হিন্দু বাঙালী সকলক ডি ভোটাৰ সঁজাই হত্যা কৰা লেতেৰা ৰাজনীতি বন্ধ কৰক। অন্যথা চৰকাৰে আগন্তুক দিনত ইয়াৰ ফল ভোগ কৰাৰ বাবে সাজু হৈ থকাৰ বাবে সকীয়াই দিছে সংগঠনটোৰ সভাপতি ৰঞ্জন সৰকাৰে। সুনীল সৰকাৰৰ পৰিয়ালক এককালীন ৫০ লাখ টকা আৰ্থিক সাহাৰ্য্যৰ উপৰি এক মাত্ৰ পুত্ৰ মনোজিত সৰকাৰক চৰকাৰী চাকুৰি দিয়াৰো দাবী জনাইছে সংগঠটোৱে।

Related Articles

Leave a Reply

Close