
প্ৰথম খবৰ, হাওৰাঘাট: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আৰু বিভিন্নজনৰ তীব্ৰ প্ৰতিবাদকো একাষৰীয়া কৰি পুনৰ কাৰ্বি অাংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হ’ল বহু বিতৰ্কৰ নায়ক তুলিৰাম ৰংহাং। বুধবাৰে ডিফু অাৱৰ্ত ভৱনত দলীয় কৰ্মীৰ উত্তাল প্ৰতিবাদৰ মাজতেই অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত গ্ৰহন কৰা সিদ্ধান্ত মৰ্মে ঘোষণা কৰা হয় এই কথা। ৰতন টেৰাঙে প্ৰস্তাৱ কৰিলে তুলিৰামৰ নাম আৰু জগত সিং ইংতিয়ে সমৰ্থন কৰে ৷ বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে ৰাজ্যিক বিজেপি সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। বৈঠকত উপস্থিত থাকে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। কাইলৈ চি ই এম পদৰ বাবে মনোনয়ন দাখিল কৰিব তুলিৰাম ৰংহাঙে।