অসম

দলঙৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে মৰিগাঁওবাসীক

প্ৰথম খবৰ, মুছলপুৰ: পৰিৱৰ্তন হ’ল চৰকাৰ, পৰিৱৰ্তন হ’ল মন্ত্ৰী, বিধায়ক কিন্তু পৰিৱৰ্তন নহ’ল ৰাজ্যখনৰ বহু ৰাষ্টা-ঘাট, দলঙৰ৷ দলঙৰ দুৰৱস্থাই ৰাজ্যখনৰ বিভিন্ন গ্ৰাম্য অঞ্চলত যাতায়াত ব্যৱস্থা আজিও অতিকৈ দুখজনক। বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত এই পথটো অতি ব্যস্ত পথ। ধমধমাৰ পৰা মুছলপুৰ সংযোগী পথটোৰ  ককলাবৰী-দলবাৰী সংযোগী পথৰ ওপৰত থকা এখন দলঙৰ অৱস্থা অতি ভয়ংকৰ।  সচাঁকৈয়ে এই দলং খন লোৰ  চিৰিৰে মৰণক হৰন দি কোনোমতে যাতায়াত কৰি আছে অঞ্চলটোৰ ৰাইজে৷ বিগত দহবছৰ ধৰি দলংখন একেই অৱস্থাতে আছে। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা খোজা স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে ৰাইজে। প্ৰতিদিনে শ শ শিক্ষাৰ্থী তথা সহস্ৰাধিক লোকে এই পথটোৰে যাতায়াত কৰা স্বত্বেও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।ইয়াৰোপৰি ৰোগী তথা ছাত্ৰ-ছাত্ৰী  অহা-যোৱা কৰাৰ ক্ষেত্ৰটো যমৰ যাতনা ভুগি আহিছে  বুলি ৰাইজে মন্তব্য কৰে।

Related Articles

Leave a Reply

Close