অসম

দুধনৈ মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ৬৮ তম বন মহোৎসৱ উদযাপন

প্ৰথম খবৰ, দুধনৈ: আজি গোৱালপাৰা জিলা সামাজিক বনানিকৰন বন সংমণ্ডল আৰু দুধনৈ সামাজিক বনানিকৰন বনাঞ্চলৰ সৌজন্যত দুধনৈ মহাবিদ্যালয় প্ৰাঙ্গণত ৬৮তম বন মহোৎসৱ উদযাপন কৰা হয়। এটি ৰুদ্ৰাক্ষ গছ পুলি ৰোপনেৰে এই মহোৎসবৰ শুভাৰম্ভ কৰে দুধনৈৰ জ্যেষ্ঠ নাগৰিক তথা প্ৰাক্তন শিক্ষক জয়দেব দাসে। এই অনুস্থানত গোৱালপাৰা বন সংমণ্ডলৰ প্ৰাধিকাৰী ঐশ্বৰ্য্য গোস্বামী, স্থানীয় বিধায়ক দীপক ৰাভা, চক্ৰ বিষয়া উৰ্মি মেধী, জিলা সহকাৰী বন সংৰক্ষক নয়ন ৰাজবংশী, জিলা সামাজিক বনানিকৰন প্ৰাধিকাৰী দিবাকৰ দেৱ, দুধনৈ সামাজিক বনানিকৰনৰ আঞ্চলিক বন বিষয়া ছেৰিফুল হুছেইন আৰু ৰংজুলি আঞ্চলিক বন বিষয়া বলেন্দ্ৰ চন্দ্ৰদাসে অংশ গ্ৰহণ কৰে। আনহাতে সেউজ ৰাভা হাছং সেউজ অসম শ্লোগানেৰে উজ্জ্বীৱিত ৰাভা হাছং সচিবালয় প্ৰাঙ্গ পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই গছপুলি ৰোপণেৰে বন মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ, প্ৰধান সচিব, কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য, যৌথ সংগ্ৰাম সমিতিৰ অংশীদাৰী সংগঠনৰ বিষয়ববীয়া আৰু ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close