অসম

দেওমৰনৈৰ পাতিদৰঙত বিনামূলীয়া পাঠদানৰ শুভাৰম্ভণি

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ দেওমৰনৈৰ নিকটৱৰ্তী পাতিদৰং প্ৰাথমিক বিদ্যালয়ত আজি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ শুভাৰম্ভণি কৰা হয়। পাতিদৰং মিলন সংস্কৃতি সংঘৰ উদ্যোগত চেভেন ষ্টাৰ ইয়ং গ্ৰুপ আৰু জাগৰণ সমিতিৰ সহযোগত আয়োজিত পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষক যাদৱ চন্দ্ৰ ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বানন্দ শৰ্মা আৰু দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক মৃদুল কাশ্যপে। ছাত্ৰ-ছাত্ৰীসকলক পুথিগত পাঠদানৰ লগতে সহবিদ্যায়তনিক দিশৰো পাঠদান বিষয়ত সভাত আলোচনা কৰা হয়। সভাত গোবিন্দ কুমাৰ বৰুৱা, দিব্যজ্যোতি শৰ্মা, নিকুঞ্জ কাশ্যপ, লিনু ডেকা, নিৰঞ্জন ৰাজবংশী আদি বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰাখে।

Related Articles

Leave a Reply

Close