অসম

দেৰগাঁৱত গৰুচোৰৰ তাণ্ডৱ, গৰুচোৰক উত্তম মধ্যম সোধাই গতালে আৰক্ষীক

প্ৰথম খবৰ, দেৰগাঁও: সোমবাৰে হঠাতে উত্তপ্ত হৈ পৰে দেৰগাঁৱৰ দিচৈ চাৰিআলিৰ বাঁহগুৰিৰ কাষৰীয়া এটা অঞ্চল। এজন লোকক ৰাজহুৱা শাস্তি প্ৰদান কৰি আৰক্ষীক গতালে একাংশ উত্তেজিত ৰাইজে। লোকজনৰ অপৰাধ গৰু চুৰি কৰিছিল লোকজনে ।দেৰগাঁও দাধৰাৰ পৰা দুদিনৰ পূৰ্বে এহাল বলধ গৰু চুৰি কৰিছিল বুলি অভিযোগ উঠিছিল দেৰগাঁও হাঁহচৰাৰ নবীন দাস নামৰ লোক জনৰ বিৰুদ্ধে। তাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছিল নবীন দাস নামৰ লোকজন। সোমবাৰে হঠাতে নবীন দাসক দেৰগাঁৱৰ দিচৈ চাৰিআলিৰ কাষৰ বাঁহগুৰিৰ সমীপত একাংশ ৰাইজে গৰু সহ আটক কৰি উত্তম মধ্যম সোধাই বান্ধি থয় এটা হৰিমন্দিৰৰ কাষত। বহুসময়ৰ পাছত পৰিস্থিতি অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ সময়তে সেই স্থানত দেৰগাঁও আৰক্ষী উপস্থিত হৈ নবীন দাসক উত্তেজিত ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যাবলৈ সমৰ্থ হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য বিগত কেইমাহমানৰ পৰা গৰুচোৰে অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

Related Articles

Leave a Reply

Close