অসম

ধেমাজি টাউন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহৰ সফল সামৰণি

প্ৰথম খবৰ, চিচিবৰগাঁও/ ধেমাজি: ১৯৭৫ চনত ধেমাজি জিলাৰ সদৰত স্থাপিত হোৱা ধেমাজি টাউন হাইস্কুলৰ সভাগৃহত ২৬ জুলাইত প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। ধেমাজি টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰায় দুই শতাধিক প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত হাজৰিকাই বিশিষ্ট অতিথিৰ আসন অলংকিত কৰা সভাত কৃষ্ণ বৰদলৈয়ে ‘ছাত্ৰ- ছাত্ৰীৰ মাৰ্গদৰ্শন’ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। ইয়াৰ পূৰ্বে সামূহিক চাফাই, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰীতিমূলক খেল অনুষ্ঠিত হয়। পৰৰ্ৱতী সময়ত অনুষ্ঠিত হোৱা আদৰণি ভাষণ আগবঢ়ায় প্ৰাক্তন ছাত্ৰ তথা অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক শিবু গগৈ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল প্ৰতীম ভূঞাই।

বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলৰ নাম পঞ্জীয়নৰ পিচতে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলে মহাবিদ্যালয়ৰ উন্নয়ন, ছাত্ৰ- ছাত্ৰীৰ গুণগত মান বৃদ্ধি কৰা আদি কেইবাটাও বিষয়ত আলোচনা কৰি সাহায্য কোষ গঠন কৰাৰো সংকল্প গ্ৰহণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ছাত্ৰ- ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ, আলোচনা, গীত- মাত আদি অনুষ্ঠিত হয়। ধেমাজি টাউন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক বেদান্ত দলৈয়ে বিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলত, জিলাখনত, অসম তথা সমগ্ৰ ভাৰতবৰ্ষত জীৱনৰ মহান কৰ্মৰ মাজেৰে জগতৰ আগত আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনোৱাৰ উপৰিও অন্তৰংগ অনুষ্ঠানটো সুচাৰুৰুপে চলাই নিয়াত মুখ্য ভূমিকা পালন কৰে।

শেষত সাংস্কৃতিক সন্ধিয়াৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে। বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলে গীত পৰিৱেশন কৰা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠান বিশেষভাৱে গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পবা গৌৰৱ লগতে উদ্বোধক হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপক বনজিৎ ভট্ট। অনুষ্ঠানটি অতি সুপৰিকল্পিত আৰু সুন্দৰকৈ সজাই পৰাই উপস্থাপন কৰাৰ বাবে স্থায়ী সমিতি আৰু অভ্যৰ্থনা সমিতিদ্বয়ক শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলে শলাগ লয়।

Related Articles

Leave a Reply

Close