অসম

ধৰ্মীয় অনুষ্ঠান ব’ল-ব’মৰ নামত শব্দ প্ৰদূষণ

প্ৰথম খবৰ, শিমলুগুৰি: শাওন মাহত শিৱ ভক্তিৰ বাবে কৰা ব’ল ব’ম যাত্ৰাত ব্যাপক হাৰত শব্দ যন্ত্ৰ বজাই ধৰ্মৰ নামত সংস্কৃতিৰ বিকৃতকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। স্মাৰক পত্ৰ যোগেদি নাজিৰাৰ মহকুমাধিপতিক পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে অৱগত কৰে যে, প্ৰশাসনৰ নিয়ম অনুসৰি যিকোনো ধৰ্মীয় অনুষ্ঠান বিহু উৎসৱ বাদে বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাতি ১১-১২ বজাৰ  পাছৰে পৰা কোনো ডাঙৰ শব্দ সংগীত বা অনুষ্ঠান আয়োজন কৰাটো নিষিদ্ধ কৰিছে।

প্ৰশাসনে বান্ধি দিয়া এই আইনক ভেঙুচালি কৰি এচাম অনা-অসমীয়াই যিদৰে ধৰ্মীয় অনুষ্ঠান ব’ল-ব’মৰ নামত সন্ধিয়াৰ পৰা পুৱালৈকে ৰাজপথত ডাঙৰ ডাঙৰ শব্দৰে পশ্চিমীয়া সংস্কৃতি- সংগীত ব্যৱহাৰ কৰি শব্দ প্ৰদূষণৰ লগতে সমাজত অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰি তুলিছে। এইবোৰ দেখিও নেদেখা ভাঁও জোৰা প্ৰশাসনে কিয় মৌনতা অৱলম্বন কৰি আহিছে। সেইয়া সমূহ অসমবাসীৰ ৰাইজৰ সন্মুখত এক ৰহস্যময় প্ৰশ্ন হৈ পৰিছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে। গতিকে মহকুমাধিপতিক এই সকলোখিনি বিষয় বিবেচনা কৰি এটা সঠিক সিদ্ধান্ত ল’বলৈ পত্ৰৰ দ্বাৰা অৱগত কৰিছে। অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সমূহ ৰাইজৰ সহযোগিতাত গণতান্ত্ৰিক মাধ্যমৰে এক বিশাল কাৰ্যসূচী হাতত লম বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক ৰূপম শইকীয়াই সকীয়াই দিছে। উল্লেখ্য যে, বিগত সময়ত বিহু সন্মিলন আদিৰ ক্ষেত্ৰত মহকুমা প্ৰশাসনে কঠোৰ হোৱাৰ বিপৰীতে বৰ্তমানৰ এই বলবম যাত্ৰাত কালা চচমা জাতীয় গানেৰে ‘দি জে’ বজাই অৰাজকতা সৃষ্টিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই।

Related Articles

Leave a Reply

Close