অসম

নলবাৰীত বিজেপিৰ মিডিয়া চেলৰ বৈঠক সম্পন্ন

প্ৰথম খবৰ, নলবাৰী: আজি সন্ধিয়া নলবাৰী জিলা বিজেপিৰ অধীনৰ মিডিয়া চেলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক নলবাৰীৰ চকবজাৰত অনুষ্ঠিত হয়। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত জিলা বিজেপিৰ সাঃ সম্পাদক নিতুল ডেকা, মিডিয়া চেলৰ জিলা আহ্বায়ক মানসজৌতি তালুকদাৰ, ধনমণি দাস, পৰাগ কুমাৰ চক্ৰবৰ্ত্তী, জোন বৰ্মন, কিশোৰ কলিতা, দিপুল বৰ্মন, দীনেশ প্ৰসাদ আদি প্ৰমুখ্যে লোক সকল উপস্থিত থাকে। বৈঠকৰ প্ৰস্তাৱ মৰ্মে ১৬ জুলাইত গুৱাহাটীত ৰাজ্যিক ভিত্তিত হ’বলগা মিডিয়া চেলৰ বৈঠকত সকলোৱে উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত জিলা সভাপতি বনদ্বীপ ডেকাই কয় যে বিজেপিক আগবঢ়াই নিবলগা হ’লে মিডিয়া চেলৰ দায়িত্ব বহুত আছে । গতিকে মিডিয়া চেলক সেই দায়িত্ব পালন কৰাৰ আহবান জনাই।

Related Articles

Leave a Reply

Close