অসম

নলবাৰীৰ মুগকুছিত মিলন নাট্য গোষ্ঠীৰ শুভ মহুৰত সম্পন্ন

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ মুগকুছিস্থিত মিলন নাট্য গোষ্ঠীৰ ২০১৭-১৮ বৰ্ষৰ শুভ মহুৰত অনুষ্ঠান যোৱা নিশা সম্পন্ন হয় । আনুষ্ঠানিক ভাবে এটি নাৰিকল ভাঙি বিশিষ্ট সমাজকৰ্মী গণেশ তামূলিযে শুভ মহুৰত সম্পন্ন কৰে । অভিনেতা তথা প্ৰযোজক নৱ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, শিক্ষাবিদ ড° বিনীতা বৰা চৌধুৰী, মূখ্য পৃষ্ঠপোষক মিন্টু তামূলী, প্ৰৱীন অভিনেতা যাদৱ চন্দ্ৰ ডেকা, শিক্ষাবিদ চক্ৰধৰ কলিতা, ধীৰেন্দ্ৰনাথ শৰ্মা আদি প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি নিজৰ অভিমত প্ৰকাশ কৰে আৰু মুগকুছি মিলন নাট্য গোষ্ঠীৰ উত্তৰ উত্তৰ কামনা কৰে ।

Related Articles

Leave a Reply

Close