অসম

নাওঁবৈচাৰ বানাক্ৰান্তৰ মাজত লণ্ডনৰ যুৱক

প্ৰথম খবৰ,লালুক: সুদূৰ লণ্ডনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ ফেশ্বন টেকনলজিৰ গৱেষক ছাত্ৰ আৰিফ শ্বেইখে কালি লালুক তথা নাওঁবৈচা সমষ্টিৰ অন্তৰ্গত বহুকেইখন বানাক্ৰান্ত গাওঁ পৰিভ্ৰমণ কৰে। তেওঁৰ এই ভ্ৰমণৰ সময়ত লালুকৰ স্থানীয় যুৱক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ৰঞ্জুল আলী হাজৰিকাই সকলো ধৰণৰ সহযোগিতা আগবঢ়ায়। তেওঁৰ এই ভ্ৰমণৰ সময়ত ভিতৰুৱা গাঁৱৰ বানাক্ৰান্ত গাঁৱৰ গাওঁবাসীৰ মাজত উপস্থিত থাকি বন্যাৰ্তৰ সমস্যা সুবিধা-অসুবিধাৰ বুজ লয়। ছাত্ৰজনে আজিও দিনৰ ভাগত নাওঁবৈচাৰ গড়ছিগাত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ দেখি নিজেই মৰ্মাহত হৈ পৰা দেখা গ’ল। নাওঁবৈচা সমষ্টিৰ অন্তৰ্গত বহুকেইখন বানাক্ৰান্ত ৰাইজৰ দুখ-দৰ্দশা দেখি সমষ্টিৰ বিধায়ক তথা চৰকাৰে যিমানখিনি গুৰুত্ব দিব লাগিছিল গুৰুত্ব প্ৰদান নকৰাত ছাত্ৰজনে দুখ প্ৰকাশ কৰে। ছাত্ৰজনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেখেতৰ গৱেষণাৰ বিষয়ে জানিব দি ৰাইজক উদ্দেশ্যি কয় তেওঁ বৰ্তমান সময়ত বন্যাৰ্ত ৰাইজৰ সুবিধাৰ্থে এযোৰ বস্ত্ৰ য’ত বানপানীৰ সময়ত বিভিন্ন জৰুৰীকালীন সামগ্ৰী, খোৱাৰ সামগ্ৰী, পানীৰ বটল, টচ লাইট আদিৰ দৰে লাগতিয়াল সামগ্ৰী ৰাখিব পাৰি তেনে এযোৰ বস্ত্ৰ তৈয়াৰ কৰাৰ কথা জানিবলৈ দিয়ে । তেখেতৰ এই পদক্ষেপক বানাক্ৰান্ত ৰাইজে সলাগ লয়। এনেকুৱা কিছুমান সৰু সৰু চিন্তাৰ জৰিয়তে সমস্যা সমূহৰ সঠিক সমাধান উলিয়াব পৰা যাব বুলি গৱেষক ছাত্ৰ আৰিফ চেইখয়ে মতপোষণ কৰে। লগতে তেওঁ নাওঁবৈচাবাসীৰ এই দুখ-দুৰ্দশাৰ সময়ত সকলো ৰাইজক তথা প্ৰশাসন ও চৰকাৰক বানাক্ৰান্ত গাওঁবাসীৰ কাষত উপস্থিত থাকি সমস্যা সমূহৰ অতি সোনকালে সমাধান কৰিবলৈ “প্ৰথম খবৰ”ৰ যোগেদি আহ্বান জনাইছে। আজি বিয়লি তেওঁ সত্ৰ নগৰী মাজুলীলৈ ৰাওনা হয়। অহা ৫ জুলাই তাৰিখে গৱেষক ছাত্ৰজন যোৰহাট বিমানবন্দৰপৰা লণ্ডনলৈ উৰা মাৰিব।

Related Articles

Leave a Reply

Close