অসম

নাওবৈচাত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, নাওবৈচা: অসম তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা দুটা দিনত নেৰানেপেৰা বৃষ্টিপাত হোৱাত নাওবৈচাৰ সকলো সৰু বৰ জান-জুৰি নদ নদীৰ জলপৃষ্ঠ ফেনে-ফুটুকাৰে বাঢ়ি সমগ্ৰ নাওবৈচা সমষ্টি পানীৰ তলত ডুব গৈছে৷ অন্যহাতে সমান্তৰালভাৱে নীপকোৱে এৰি দিয়া পানীৰ প্ৰৱল সোঁতে নামনিৰ অংশত আহি ত্ৰাসৰ সৃষ্টি কৰা ফলত পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেন্ধালীৰ এটা পুল চিঙি লৈ যোৱাৰ লগতে বিশ ফুট আঁতৰত অৱস্থিত অন্য এটা পুল পানীৰ সোঁতে তললৈ বহাই নিয়ে৷ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী নব দলে বিধায়ক উৎপল দত্ত ৰাতিপুৱা গেন্ধালীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে পথচোৱা মেৰামতি কৰাৰ নিৰ্দ্দেশ দিয়াত জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ চিঙা অংশ মেৰামতি কৰি দিয়ে৷ বৰ্তমানে লঘু যানবাহন চলাচল কৰিছে৷ উল্লেখ্য নীপকোৰ পানী এৰি দিয়াৰ বাবেই লখিমপুৰ জিলাত ৰঙানদী জলপৃষ্ঠয়ে ভয়ানক ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি কৰাৰ সময়তে আজি পুনৰ পানী এৰি দিয়ে৷ ইয়াৰ পিছতো জিলা উপায়ুক্তই নীপকোৰ বিষয়াক কোনো হেচাঁ দিয়া পৰিলক্ষিত নহ’ল৷ আনহাতে বানাক্ৰান্ত সকলক বৰ্তমান পৰ্যন্ত কোনো বান সাহায্য প্ৰদান কৰাৰ পৰিলক্ষিত নহ’ল।

Related Articles

Leave a Reply

Close