নিবন্ধযুৱসাহিত্য

নাটকবলীয়াজন কেনেকৈ পাগল হ’ল? মই নাটক লিখিলো কিয়?

কুমুদ দাস

মই কোনো দিনেই নাটকৰ মানুহ নাছিলো৷ শোণিত, পলাশ, ৰাজীৱহত আছিল নাটক বলীয়া একোজন৷ কিন্তু নাটকৰ প্ৰতি ভালপোৱা আছিল মোৰো৷ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত ডঃ সুনীল কুমাৰ দত্ত, ডঃ মদন শৰ্মা, ডঃ চন্দন কুমাৰ শৰ্মা, ডঃ মাধুৰীমা গোশ্বামীৰ দৰে অধ্যাপক- অধ্যাপিকাই ভাল নাটক এখন কৰাৰ দায়িত্ব দিলে বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত৷ সমাৱৰ্তনৰ দিনা সাংস্কৃতিক সন্ধিয়াত গানৰ পৰিৱৰ্তে নাটক৷ সমাৱৰ্তনৰ অতিথি ৰাষ্ট্ৰপতি ডঃ এপিজে আব্দুল কালাম৷ নাটক চাব পাৰে অতিথি কালামেও৷ বিশ্ববিদ্যালয়ৰ সকলো অধ্যাপক-অধ্যাপিকাৰ পৰা আমন্ত্ৰিত সকলো অতিথি থকাৰ কথা৷ তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভা নাই৷ আছে প্ৰতিটো শ্ৰেণীৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত প্ৰতিনিধিক লৈ গঠিত ষ্টুডেণ্ট কাউন্সিল৷ কাউন্সিলৰ সদস্য হিচাপে মোৰ ওপৰতো গধুৰ দায়িত্ব আহিল- নাটক ভাল হ’ব লাগিবই৷ আমি হাতে কামে লাগি গলো৷ নাটক এখন হ’ব, আমিও লাগি থাকিলো৷ বহুকেইখন নাটকৰ পাণ্ডুলিপিও অনা হ’ল৷ আমি হোষ্টেলত আখৰা কৰি চালো দুই এখন৷ নাটক জমি উঠা নাই৷ সমাৱৰ্তনলৈ আৰু মাত্ৰ এসপ্তাহমান বাকী৷ দায়িত্বত থকা অধ্যাপিকা মাধুৰীমা বাইদেউয়ে সুধিলে- নাটক কি পৰ্যায়ত? শোণিত আৰু মই ক’লো- নাটক খুবেই ভাল হ’ব৷ বাইদেউক মিছাকৈ কৈ হোষ্টেল পালোহি৷ নাটক কোনখন কৰিম ঠিকেই হোৱা নাই? শেষত যেনিবা কোনে কোনে নাটক কৰিব ঠিক হ’ল, মানে অভিনেতা-অভিনেত্ৰী চুড়ান্ত হ’ল ৰাজীৱ, শোণিত, মই, মন্দাকিনী আৰু দুজন৷ নাটক মানে পয়ত্ৰিশ মিনিটৰ নাটক৷ সময় বান্ধি দিয়া আছে৷ আমি সকলো বহিলো৷ তেতিয়াই শোণিতে মোক গহীনাই ক’লে, দাস, নাটক আমি কৰিমেই৷ নাটক এখন লিখক৷ পৰিচালনা মই কৰিম৷ শোণিতৰ কথা শুনি মোৰ অৱস্থা বেয়া৷ একেনিশাই নাটক লিখিব লাগিব৷ কি লিখা যায়? একো নভৱা নিচিন্তাকৈ শোণিতৰ তাগিদাত নাটক লিখাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলো৷ আগেয়ে কেতিয়াও নাটক লিখা নাই৷ ৰঙিয়াত তৰুণ শইকীয়া ছাৰৰ এখন নাটকত সংগীত দিছো, গাঁৱত দুই এখন নাটকত অভিনয় কৰাৰ অভিজ্ঞতা৷ বচ, সিমানেই নাটকৰ শিক্ষা৷ সহপাঠী বিশ্ব, নাৰ্জাৰী, বিদ্যুত, হিমাদ্ৰী, ৰুমমেট সীমান্ত সকলোৱে নাটক লিখিবলৈ উৎসাহ যোগালে৷ ছজন অভিনেতা-অভিনেত্ৰীৰ বাবে কি নাটক লিখিম? পূৰ্বে এখনো নাটক নিজে লিখা নাই৷ গতিকে, সাহস নহয়, একেবাৰে দুসাহস কৰা হ’ল৷ একে নিশাই নাটক লিখা হৈ গ’ল৷ নাটকৰ নাম- পাগল৷ এজনী যুৱতীক কেন্দ্ৰ কৰি পাঁচজন পাগলৰ প্ৰেম কাহিনী৷ তেজপুৰ বিশ্ববিত বহুত বহি ৰাজ্যৰ ছাত্ৰ ছাত্ৰী আহে পঢ়িবলৈ, তেওঁলোকে বুজি পোৱাকৈ নাটকৰ টেগলাইন আহি গ’ল- পাগল– watch, enjoy, go crazy..৷ ইংৰাজী সিমান ভাল নহয়, চন্দন শৰ্মা ছাৰে ঠিক কৰি দিলে টেগলাইন৷ পূৰ্ণগতিত আখৰা চলি থাকিল৷ নাটকৰ আখৰা চাই গ্ৰীণ ছিগনেল দিলে বিভাগীয় মুৰব্বী মাধুৰিমা মেডামে৷ পিছে নাটকৰ আখৰা আৰু মাত্ৰ দুদিন বাকী থকা অৱস্থাত আহি ওলাল পলাশ৷ পলাশে ভাল নাটক কৰিছিল কলেজত৷ কিন্তু সি গা বেয়া হৈ থকা বাবে আখৰাত নহাত নাটকৰ চৰিত্ৰ দিয়া হোৱা নাছিল তাক৷ কিন্তু দুদিন আগেয়ে আহি সি হৈ হাল্লা লগাই দিলে- নাটকত সি থাকিবই৷ এবাৰ ওলাব লাগে৷ তেতিয়া শোণিত পৰিচালক৷ মই তাৰ মুখলৈ চাই ক’লো- মোৰ চৰিত্ৰটোকে কৰি দিয়ক৷ নাই পলাশে নামানে৷ অৱশেষত উপায় উলিয়ালে শোণিতেই৷ শোণিতে মোক ক’লে- নাট্যকাৰ আপুনি, মই পৰিচালকহে৷ নাটকত আৰু এটা চৰিত্ৰ ভৰাই দিয়ক৷ — এইখিনিলৈ ঠিকেই আছিল, তাগিদা মাৰি নাটক লিখালে, জেকত উঠি গৈ নাটক লিখিলো; কিন্তু মঞ্চত উঠাৰ দুদিন আগত আৰু এটা চৰিত্ৰ কেনেকৈ ভৰাও? আকৌ আহিল প্ৰত্যাহ্বান৷ হোষ্টেলৰ আৱাসীসকলৰ আকৌ জেক, দাস আপুনি পাৰিব৷ কোনোবাই তেনেকৈ ক’লে গাটো অলপ উঠি যায় দিয়কচোন৷ কথামতেই কাম৷ পলাশৰ বাবে নতুন চৰিত্ৰৰ আমদানি কৰা হ’ল৷ পাঁচ পাগলৰ মাজত আৰু এক পাগল৷ কিন্তু নাটকৰ অন্তিম মূহূৰ্তলৈ ছাচপেঞ্চ থাকে, কোন পাগল হয়, কোনেও ধৰিব নোৱাৰে৷ নাটকৰ কাহিনী আগবাঢ়ে তেনেকৈ- ৷ শেষত সকলো ৰহস্য ওলায়- পৃথিৱীৰ প্ৰতিজন মানুহ অলপ হ’লেও পাগল৷ কোনোবাজন অৰ্ধ পাগলো আছে৷ অৱশেষত নাটক মঞ্চস্থ হ’ল৷ বিশ্ববিদ্যালয়ৰ কমিউনিটি হ’লত কাহ পৰি জীণ যোৱা অৱস্থা৷ নতুন নাট্যকাৰ এজনৰ আত্মপ্ৰকাশ হ’ল৷ কিন্তু তাৰ মূলতে শোণিত জ্যোতি শইকীয়া৷ শইকীয়াই সাহস নিদিয়া হ’লে মোৰ জীৱনৰ প্ৰথমখন নাটক কেতিয়াও লিখা নহ’লহেতেন৷ বহু বছৰ পূৰ্বে কৰি অহা নাটকখন এতিয়াও দৰং কলেজত কেতিয়াবা মহাবিদ্যালয় সপ্তাহত মঞ্চস্থ কৰে বুলি শোণিতেই খবৰ দিয়ে৷ ধৃতিমান, জ্যোতিপ্ৰসাদহতে তেজপুৰত আগবঢ়ায় নিয়ে নাটকখন ৷ হাত বাগৰি এতিয়াও চলি আছে হেনো নাটকখন৷ বিশ্ববিদ্যালয়তে পৰৱৰ্তী পৰ্যায়ত আড্ডা নামেৰে আন এখন নাটক লিখিলো, সেইবাৰ আকৌ নাটকৰ থীম, পৰিকল্পনা দিলে বিশ্বদ্বীপ গগৈয়ে৷ কিন্তু খবৰটো অৱশেষত আহিল, নাটক বলীয়া শোণিতৰ বাবে পলমকৈ হ’লেও সুযোগটো আহিল- এনএছডিত সুযোগ পালে শোণিতে৷ শোণিতৰ এই সুযোগ লাভত মই আজি পৰম সুখী৷ কাৰণ, ছাত্ৰাৱস্থাতে মোক নাট্যকাৰৰ পৰিচয় দিয়াজনে আজি পলমকৈ হ’লেও বিচৰামতে কিবা এটা পাইছে৷ আমি বিশ্ববিদ্যালয় এৰিলো, নাটক, গান, অভিনয় সকলো এৰি আহিলো, একমাত্ৰ সিয়েই লাগি আছিল৷ পলমকৈ হ’লেও ঈপ্সিত লক্ষ্যত উপনীত হ’ল শোণিত৷ আজি শোণিতৰ এই খবৰটো পাই আমাৰ ছাৰ, বাইদেউসকল, সহপাঠী ময়ুৰী দত্ত, ডঃ অঞ্জুম আজাজ, শচীন গগৈ, হিমাদ্ৰীচৰণ বৰা, ৰুমমেট সীমান্ত কুমাৰ ডেকা, জোনমণি দত্ত, বিদ্যুত বড়ো, সঞ্জীৱ উপাধ্যায়, সুশান্ত নাৰ্জাৰী, অৰ্জুন ভৰালী, পলাশ, ৰাজীৱ বৰদলৈ, আকাশ, চিৰঞ্জীতা বৰা, জাহ্নবী দত্ত, মিতালী দাস, জয়ালতা দেউৰী, তছলিমা, মালবিকাহত সকলো সুখী হ’ব মোৰ সমানেই৷ এই সময়ত শোণিতক শুভেচ্ছা জনোৱাৰ বাহিৰে আমাৰ কৰণীয় একো নাই৷ কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়লৈ তাক আগুৱাই দি স্মৃতি ৰোমন্থন কৰি লিখিছো এই কথাখিনি৷ এই কথাখিনি দিয়াৰ কথা আছিল ফেচবুকত৷ কিন্তু দীঘলীয়া হোৱাত প্ৰথম খবৰতে প্ৰকাশ হোৱাটো উচিত বুলি ভাবিলো৷ লেখাটো টাইপ কৰা সময়ত বহুতৰে নাম পাহৰি থাকিলো৷আৰু শুধৰাই নাথাকো৷ কিন্তু সাধাৰণ ল’ৰাটোক এনিশাতে নাট্যকাৰৰ পৰিচয়েৰে বিশ্ববিদ্যালয়ত চিনাকি কৰাই দিয়া শোণিত জ্যোতি শইকীয়াক তেনেকৈ পাহৰিবটো নোৱাৰি৷ শুভেচ্ছা বন্ধু৷
বি:দ্ৰ: আমি একেলগত পঢ়িলেও ইজনে আনজনক আপুনি কোৱাটো বিশ্ববিদ্যালয়ৰ দিনৰে অভ্যাস৷ আজিও থাকি গ’ল৷ এয়া লেখা নহয়, শোণিতলৈ এক শুভেচ্ছাস্বৰূপ উপহাৰ৷

Related Articles

Leave a Reply

Close