অসম

নামৰূপত ৭৫ গৰাকী প্ৰশিক্ষাৰ্থী লৈ জ্যোতি বিষ্ণু ৰাভা গীতৰ কৰ্মশালা অনুষ্ঠিত

প্ৰথম খবৰ,নামৰূপ: যোৱা ২৫ জুলাইৰ পৰা বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত জ্যোতি বিষ্ণু ৰাভা গীতৰ কৰ্মশালা খনিৰ কালি অন্ত পৰে। নামৰূপ স্বৰগমকলা নিকেতনৰ উদ্যোগত আৰু অসম চৰকাৰৰ ডিব্ৰুগড় জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আয়োজিত তথা ৭৫গৰাকী প্ৰশিক্ষাৰ্থী য়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি নামৰূপ সাহিত্য সভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। শাওনৰ শেতেলিত জ্যোতি বিষ্ণু সন্ধিয়া শীৰ্ষক অনুষ্ঠানটিতবন্তি প্ৰজলনৰ পিছতে স্বৰগমৰ ছাত্র ছাত্ৰী সকলে হোলী গীতেৰে মঞ্চ উদ্বোধন কৰে। অনুষ্ঠান টিৰ সঞ্চালনা কৰে বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য হাজৰিকাই। আঁত ধৰে স্বৰগম ৰ সচিব স্মৃতি ৰেখা কলিতাই। অনুষ্ঠান টি অসম চৰকাৰৰ ডিব্ৰুগড় জিলা সাংস্কৃতিক বিষয়া ডঃ পবিত্ৰ কুমাৰ পেগু উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে ৰূপকোঁৱৰ আৰু কলাগুৰুৰ আঠোটা গীত পৰিবেশন কৰে। প্ৰশিক্ষক হিচাপে উপস্থিত থকা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক তথা সংগীত ভূষণ ডিম্বেশ্বৰ দাসক আৰু ডিব্ৰুগড় জিলা সাংস্কৃতিক বিষয়া ডঃ পবিত্ৰ কুমাৰ পেগুক স্বৰগমৰ তৰফৰ পৰা চেলেং, শৰাই, আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠান ত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, সমলয় কবি চক্ৰৰ সভাপতি ৰূপালী মহন্ত পাটগিৰি, বি জে পি ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা, নামৰূপ লেখিকা সমাৰোহৰ সমিতিৰ সভাপতি আৰতি শৰ্মা দেৱী, নামৰূপ নগৰ সমিতিৰ সভাপতি নিতু সোনোৱাল বুঢ়া গোহাঁই , সমন্বয় মহিলা সমিতিৰ সভাপতি বিবি মহন্ত , নামৰূপ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈ কে মুখ্য কৰি নামৰূপ ৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল। এই সামৰণি অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলক অসম চৰকাৰৰ তৰফৰ পৰা মান পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ২০১৬-১৭বৰ্ষত লক্ষনৌ ভাটখাণ্ড সংগীত বিদ্যা পীঠ ৰ পৰা সংগীত বিশাৰদ সন্মান লাভ কৰা স্বৰগমৰ তিনিজন ছাত্র ছাত্ৰী ক এটি স্মাৰক প্ৰদান কৰা হয়

Related Articles

Leave a Reply

Close