অসমশীৰ্ষ

নাৰায়ণপুৰত বনৰৌক লৈ বনকৰ্মীৰে যুৱকৰ খণ্ডযুদ্ধ

প্ৰথম খবৰ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱত উদ্ধাৰ হ’ল এটা বনৰৌ। আৰু এই বনৰৌটোক লৈয়ে বন বিভাগৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় একাংশ যুৱক। উল্লেখ্য যে যোৱা নিশাই গাঁওখনৰ যুৱক কেইজনমানে বনৰৌটো দেখা পায়। লগে লগে তেওঁলোকে বনৰৌটো ধৰে।

পুৱা একাংশ ৰাইজে এই কথা বন বিভাগক অৱগত কৰে। ৰাইজৰ সহযোগত বিভাগীয় বন বিষয়া আহি বনৰৌটো লৈ যাব বিচৰাৰ সময়তে সৃষ্টি হয় খণ্ডযুদ্ধৰ। বন বিভাগৰ লোকে বনৰৌটো লৈ যাব বিচাৰে যদিও যুৱককেইজনে বাধা প্ৰদান কৰে।

অৱশেষত ঘটনাস্থলীলৈ আৰক্ষী আহি হস্তক্ষেপ কৰিবলগীয়া হয়। নাৰায়ণপুৰ আৰক্ষীৰ সহযোগত যুৱককেইজনৰপৰা বনৰৌটো উদ্ধাৰ কৰে বন বিভাগে। জানিব পৰামতে হাৰমতী ৰঙা ৰিৰ্জাভত বনৰৌটো এৰি দিয়াৰ বাবে ব্যৱস্থা কৰিছে বন বিভাগে৷

Related Articles

Leave a Reply

Close