অসম

নুনমাটি ছাত্ৰ সংন্থা আৰু নুনমাটি আৰক্ষীৰ উদ্যোগত ড্ৰাগচ বিৰোধী সজাগতা সভা

প্ৰথম খবৰ, নাৰেংগী: নুনমাটি আৰক্ষী আৰু নুনমাটি ছাত্ৰ সন্থাৰ যুটীয়া আহ্বান ক্ৰমে আজি বিয়লি নুনমাটি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগনত এখনি ড্ৰাগচ বিৰোধী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে নুনমাটি ছাত্ৰ সংন্থাৰ সাধাৰণ সম্মাদক নয়ন জ্যোতি দাসে। সভাত উপস্থিত থাকে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ শইকীয়া। নুনমাটি অঞ্চলৰ পৰা ড্ৰাগচ, ভাং, জুৱা আদি যাতে নিৰ্মূল হয় এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মতপোষণ কৰে। লগতে প্ৰতিটো অঞ্চলৰ ড্ৰাগচ সৰবৰাহকাৰী ব্যক্তি সকলক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে।আনহাতে, নুনমাটি ছাত্ৰ সন্থা আৰু পূৱ গুৱাহাটী ছাত্ৰ সন্থাই ড্ৰাগচ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়।

Related Articles

Leave a Reply

Close