অসম

নেৰানেপেৰা বৰষুণ, নাৰায়ণপুৰৰ বহু গাঁৱত হাহাকাৰ

প্ৰথম খবৰ, নাৰায়ণপুৰ: যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোঁটোকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ নৈ-উপনৈসমূহ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পশ্চিমাঞ্চলৰ বহুকেইখন গাঁৱৰ বাসিন্দাৰ এতিয়া হাহাকাৰ অৱস্থা। পিছলা, দোৰপাং আৰু দিহিৰী নৈৰ বানে বুৰাই পেলালে ২০ৰো অধিক গাঁও। পিছলা, ভোলাবৰী, ৰঙতি পঞ্চায়তৰ অন্তৰ্গত বহুকেইখন গাঁও এতিয়া জলমগ্ন।

Related Articles

Leave a Reply

Close