অসম

পাহাৰত বানপানী

প্ৰথম খবৰ, বোকাজান: চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কেইবাদিনো ধৰি দিয়া মুচলাধাৰ বৰষুণৰ ফলত ধনশিৰি নদী ফেনে ফুটুকাৰে ওফন্দি উঠিছে৷ বোকাজান নগৰৰ কাষেৰে বৈ যোৱা এই ধনশিৰি নদীখনৰ বাঢ়নী পানী বিপদ সীমাৰ ওপৰৰে বৈ যোৱাৰ ফলত নদীখনৰ গাতে লাগি থকা পথৰ ওপৰৰে পানী বৈ আহি এতিয়া বোকাজানৰ নগৰৰ আৱাসিক এলেকাৰ উপৰি নগৰখনৰ পাৰ্শ্বৱৰ্তী এলেকাৰ শ শ গৃহত পানী সোমাই পৰাৰ ফলত ব্যাপক ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে। বোকাজান নগৰৰ পকাআলি, বেদমহল, ঘৰিয়ালডুবি, মাটিপুল আদি বহু অঞ্চল জলমগ্ন হৈ পৰাৰ লগতে আৰু ন ন অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ কিয়নো নদীখনৰ পানী ক্ৰমান্বয়ে বাঢ়ি অহা দেখা পোৱা গৈছে৷

Related Articles

Leave a Reply

Close