অসম

পুতি থোৱা দৰৱ উদ্ধাৰ টীয়ক FRU ত

প্ৰথম খবৰ,টীয়ক: এইবাৰ সংবাদ শীৰ্ষত টীয়ক FRU৷ সাধাৰণ ৰাইজক নিম্নতম স্বাস্থ্য সেৱা দিব নোৱাৰা টীয়ক FRU য়ে সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলাৰ অন্য এখন বিস্ফোৰক ছবিখন আজি দিনৰ ভাগত পোহৰলৈ আহে৷ স্বাস্থ্যমন্ত্ৰীৰ চাডেন ভিজিটৰ ভুৱা বাতৰি বিয়পি পৰা বাবে টিয়ক FRU কৰ্মকৰ্তাই বহু ঔষধ গাঁতত পুতি থৈছিল। যি সময়ত ঔষধৰ নাটনিৰ বাবে বহু ৰোগীয়ে মৃত্যুক সাৱটি লৈছে, সেই সময়ত এই কাৰ্য্য সচেতন মহলে তীব্ৰ গৰিহনা দিছে৷ এই সকলো ঘটনা উদ্ধাৰ কৰে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কৰ্মকৰ্তাই। আৰু অনতিপলমে সহকাৰী অধিক্ষকক নিলম্বনৰ বাবে কাৰ্যসূচী ল’ব বুলি অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে প্ৰথম খবৰক জানিবলৈ দিছে৷

Related Articles

Leave a Reply

Close