অসম

পুনৰ ধুবৰীৰ ভাৰত বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযানত ৯২ টা গৰুসহ দুই গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

প্ৰথম খবৰ,হাট শিঙিমাৰী: ধুবৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বিশেষকৈ উন্মক্ত ভাৰত বাংলাদেশ সীমান্তয়েদি ব্যাপক হাৰে চলি থকা গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে এতিয়া সীমান্তত টহলধাৰী বি এছ এফ জোৱানে তৎপৰ হৈ উঠাত সীমান্তত দৈনিক জাকে জাকে গৰু জব্দ হবলৈ ধৰাৰ লগতে আজি পুনৰ একাংশ স্থানৰ পৰা জোৱান সকলে মুঠ ৯২ টা গৰু সহ দুজনকৈ গৰু সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, জিলা দুখনৰ বিশেষকৈ সুখচৰ, দক্ষিণ শালমাৰা আৰু ধুবৰী থানা এলেকাৰ বৰাইৰ আলগা, পুৰণি দেৱানৰ আলগা, মহামায়া চৰ, চৌকিচৰ বি এছ এফ কেম্প এলেকাৰ ভাৰত বাংলাদেশ সীমান্তত জব্দ কৰা হয় গৰু কেইটা। গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা বুলি বি এছ এফ সূত্ৰে প্ৰকাশ কৰিছে। প্ৰতিটো বিএছএফ কেম্পৰ জোৱান সকলে পৃথক ভাৱে অভিযান চলাই এইদৰে গৰু কেইটা জব্দ কৰাৰ উপৰি দক্ষিণ শালমাৰা থানা এলেকাৰ চৌকিচৰ বি এছ এফ কেম্পৰ জোৱান সকলে সীমান্তৰ পৰা দুজনকৈ গৰু সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গৰু সৰ্বৰকাৰী দুজনক দক্ষিণ শালমাৰা থানা এলেকাৰ মুঠাখোৱা গাওঁৰ ৰূপচান্দ আলিৰ পুত্ৰ জনাব আলি (১৯) আৰু জালকত আলিৰ পুত্ৰ শ্বাহাদত আলি (১৯) বুলি পৰিচয় পোৱা গৈছে। বি এছ এফে দুয়োক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ হাতত চঁমজাই দিয়ে বুলি জানিব পৰা গৈছে। বি এছ এফ সূত্ৰে প্ৰকাশ কৰা মতে আজি পুৱতি নিশা দুয়ো কেবাটাও গৰু লৈ সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল। উক্ত সময়ত টহলধাৰী সুৰক্ষা বাহিনী দুটা গৰু জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন কেবাটাও গৰু ইতিমধ্যে সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ সৰবৰাহ কৰে। মন কৰিবলগীয়া যে, জিলা দুখনৰ উক্ত থানা কেইখন এলাকাৰ প্ৰায় ৪৫ কিলোমিটাৰ ঠাই উন্মক্ত আৰু চৰ তথা নদী এলেকা। স্থল পথত আৰক্ষীয়ে কটকটীয়া কৰি তোলাৰ সমান্তৰালভাবে নদী আৰু উন্মক্ত চৰ সীমান্তয়েদি বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰ দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। তদুপৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাৰ বাবে গৰু সমূহ এতিয়া একাংশ ভূটভূটি নাও যোগে দিনে নিশাই সীমান্তৰ একাংশ স্থানত জমা কৰাৰ পিছত নিশা বৰষুণ আৰু এন্ধাৰৰ সুযোগ লৈ বাংলাদেশলৈ গৰু সমূহ সৰবৰাহ কৰি আহিছে গৰু চোৰাং চক্ৰটোৱে ৷

Related Articles

Leave a Reply

Close