অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱ : খুমটাইৰ ৰাজেশক কমাৰগাওঁ আৰক্ষী থানাৰ সাহায্য প্ৰদান


প্ৰথম খবৰ,খুমটাই : ১ জুলাইত “প্ৰথম খবৰ”ত প্ৰকাশ পোৱা “খুমটাইৰ ৰাজেশ লাহনক ৰাইজৰ সহায়ৰ প্ৰয়োজন” শীৰ্ষক এক বাতৰি প্ৰকাশৰ পিচতেই আজি শাৰীৰিকভাৱে অক্ষম ৰাজেশ লাহনক এখন পঢ়া টেবুল, স্কুল বেগ, বহী-কিতাপ, কাপোৰ, খাদ্য বস্তু, এটা সৌৰশক্তি চালিত লাইটসহ আৰ্থিক সাহায্য আগবঢ়ায় গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানাৰ ফালৰ পৰা। স্থানীয় সচেতন ৰাইজে এখন ভিতৰুৱা গাৱঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ শাৰীৰিকভাৱে অক্ষম ৰাজেশ লাহন দৰে এজন ছাত্ৰৰ বাতৰি “প্ৰথম খবৰ”ত প্ৰকাশ কৰি ৰাইজক অৱগত কৰা বাবে সংবাদ গোষ্ঠীটোক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷ লগতে কমাৰগাওঁ আৰক্ষী থানাই ৰাজেশৰ দৰে এজন বিকলাংগ ছাত্ৰক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কমাৰগাওঁ আৰক্ষী থানাৰ এই পদক্ষেপক আদৰণি আৰু শলাগ লৈছে।

Related Articles

Leave a Reply

Close