অসমশীৰ্ষ

প্ৰধানমন্ত্রীলৈ স্মাৰক পত্র প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমৰ বানপানী সমস্যা সমাধানত আৰু নাগৰিকক সুৰক্ষা দিয়াত সৰ্বানন্দ চৰকাৰৰ ব্যৰ্থতাৰ তীব্ৰ ভাষাৰে গৰিহনা জনাই অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰি এখন স্মাৰক পত্র প্ৰেৰণ কৰে ই-মেইল যোগে | আজি ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত এই কথা প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই |অসমক কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চাইছে বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁ |কাৰণ কাশ্মীৰ,বিহাৰ,তামিলনাডুত বানপানী হওঁতে প্ৰধানমন্ত্রীয়ে নিজে গৈ বানপানী পৰ্যবেক্ষণ কৰাৰ লগতে সাহাৰ্য প্ৰদান কৰিছিল কিন্তু বৰ্তমানলৈ প্ৰধানমন্ত্রীকে প্ৰমুখ্য কৰি কোনো কেন্দ্ৰীয় বিষয়-ববীয়া অসমলৈ অহা নাই আৰু সাহাৰ্য প্ৰদান কৰা নাই |গতিকে সোনকালে প্ৰধানমন্ত্রীয়ে কেন্দ্ৰৰ পৰা দল প্ৰেৰণ কৰি পৰিস্থিতি নিয়ন্ত্রনৰ ব্যৱস্থা কৰিব লাগে |অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ দি নিজাববীয়াকৈ বানপানী আক্ৰান্ত ঠাইসমূহলৈ খাদ্য সামগ্ৰী তথা সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে |সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন শক্তিমন্ত্রী প্ৰদ্যুৎ বৰাই বৰ্তমানৰ শক্তিমন্ত্রীক তীব্ৰ বাক্যবান কৰি কয় যে পল্লৱ লোচন দাসে পূৰ্বৰ চৰকাৰৰ দিনত আৰু বৰ্তমানত মৃত্যু হোৱা লোকৰ ফিগাৰৰ তুলনা কৰি সংখ্যা প্ৰতিযোগীতাত নামিছে |সেয়া দূৰ্ভাগ্যজনক|

Related Articles

Leave a Reply

Close