অসম

ফিল’বাৰীত মাইণ্ড পাউৱাৰ ৰূপান্তৰ চাউৰকৰ পদ্ধতিগত শিক্ষা প্ৰদান, শ শ ছাত্ৰ -ছাত্ৰীয়ে ল’লে ভাগ

প্ৰথম খবৰ, ফিল’বাৰী: মানুহজনৰ নামেই ৰূপান্তৰ। এক কৌশল তথা অশেষ সাধনাৰ ফলত কেনেকৈ নিজক উচ্চৰ পৰা উচ্চতমলৈ লৈ যাব পাৰি তাৰ ক,খ , গ শিকাবলৈকে যেন আৰ্ৱিভাৱ ৰূপান্তৰ চাউৰক। তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰীৰ পৰা এতিয়া তেওঁ অলেখ ঠাই ভ্ৰমণ কৰি ফুৰে কেৱল মনতো কেনেকৈ শক্তিশালী কৰিব পাৰি আৰু এই পৃথিৱীত মানুহ হিচাবে জীয়াই থাকিবলৈ সমাজ -সংস্কৃতি ধৰি ৰাখি আধুনিক বাতাবৰনেৰে নিজক কেনেকৈ আগুৱাই নিব পাৰি তাৰেই উচিত নিদৰ্শন দাঙি ধৰে। ফিল’বাৰীৰ চিকৰাজান জাতীয় বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰী আদিকে কৰি অসমৰ বিভিন্ন প্ৰান্তৰত এতিয়া ৰূপান্তৰ চাউৰকে এইদৰেই শ-শ ছাত্ৰ -ছাত্ৰীক শিক্ষা বিলাই থাকে। ইয়াৰ ফলত শিক্ষা আহৰণৰ বাবে ছাত্ৰ -ছাত্ৰীসকলৰ বহু সুবিধা হোৱাৰ লগতে নানান কৌশলও আয়ত্ব কৰিবলৈ সক্ষম হৈছে । ৰূপান্তৰ চাউৰকে অতি পিছ পৰা পৰিয়ালৰ পৰা গৈও এনে কাৰ্য কৰি ৰাইজৰ পৰা অলেখ সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।

 

Related Articles

Leave a Reply

Close