অসমশীৰ্ষ

বংগৰ কাৰাগাৰত বন্দী অসমৰ চোৰাং গৰু ৰপ্তানিৰ মাষ্টাৰমাইণ্ড

প্ৰথম খবৰ, ধুবুৰী: আন্তঃৰাষ্ট্ৰীয় গৰু চোৰাং ৰপ্তানিৰ সম্পৰ্কত এজন মুখ্য বেপাৰী এতিয়া পশ্চিমবংগৰ তুফানগঞ্জত কাৰাৰুদ্ধ। কিছুদিন পূৰ্বে গোউৰঝাপুশবাৰী নদীয়েদি গৰু চোৰাংভাৱে কলগছৰ লগত বান্ধি আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰোৱা ভিডিঅ’ ৰাইজ লৈ বিয়পি পৰিছিল। সেই ঘটনাৰ অভিযুক্ত মুখ্য বেপাৰী এতিয়া পশ্চিমবংগৰ কাৰাগাৰত।

উল্লেখনীয় যে  বংগ অাৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় গৰু চোৰাং ৰপ্তানিৰ অভিযুক্ত মুখ্য বেপাৰী আশ্ৰাফুল আকন্দ (২৭)ক আটক কৰিব সক্ষম হয়। আশ্ৰাফুলৰ ঘৰ ধুবুৰীৰ ঝাপসাবাৰীত। বিশেষ সূত্রত পোৱা বাতৰি মতে মুখ্য বেপাৰী আশ্ৰাফুলক তুফানগঞ্জ আৰক্ষীয়ে আদালত হাজিৰ কৰোৱাৰ পিছত ধুবুৰী অাৰক্ষীক গতাই দিব।

Related Articles

Leave a Reply

Close