অসম

বন্যাৰ্তক সাহায্য প্ৰদান আৰু ইয়াকুব আলী হত্যাৰ উচিত তদন্তৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ এ এছ এছ পিৰ

প্ৰথম খবৰ,ৰূপহীহাট: সম্প্ৰতি অসমৰ বিভিন্ন জিলাত বানগ্ৰস্ত লোকসকলৰ হাহ নচৰা অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতো আৰু লগতে গোৱালপাৰা কাণ্ডৰ সন্দৰ্ভত উচিত ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োটা সমস্যা সমাধানৰ দাবীত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্য প্ৰশাসনৰ কেইবা গৰাকী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ যোৱা ২ তাৰিখে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা পৰিষদৰ মূখ্য কাৰ্যালয় গুৱাহাটীত অনুষ্ঠিত হৈছিল । উক্ত সভাতে যোৱা ৩০ জুন ২০১৭ তাৰিখত গোৱালপাৰা খুৰবুজাত D ভোটাৰ আৰু NRC ৰ সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদকাৰী অসম চৰকাৰৰ ভেৰোনীয়া পুলিচ বাহিনীয়ে ইয়াকুব নামৰ যুৱক জনক নিৰ্মম ভাৱে গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দিষ্ট্ৰান্তমুলক শাস্তি বিহাৰ দাবী আৰু মৃত্যু ব্যক্তিৰ পৰিয়াক এক কালিন ১০ লাখ টকা সাহায্য দিয়াৰ দাবীৰ প্ৰস্তাৱ ক্ৰমে উপায়ুক্ত/মহকুমাদিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী , অসমৰ ৰাজ্যপাল আৰু অসমৰ মূখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । দ্বিতীয়তে অসমত বিভিন্ন জিলাত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়াত মাটি -বাৰী উঠাই লৈ যোৱা পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ওচৰত দাবীৰে সংগঠনটোক সভাপতি আঃ আজিজ ,কাৰ্যকৰী সভাপতি মুকাদ্দেছ আলী মণ্ডল আৰু সাধাৰণ সম্পাদকদ্বয় মহম্মদ আলী খলিফা ,মোৱাজ্জেম হুছেইনে এক প্ৰেছ বিবৃতি যোগে জানিব দিয়ে |

Related Articles

Leave a Reply

Close