অসম

বাক্সাত কুখ্যাত গাঞ্জা ব্যৱসায়ী আটক

প্ৰথম খবৰ, মুছলপুৰ: যি সময়ত ৰাজ্যত আৰক্ষীক নাকত ধৰি চাকত ঘূৰাই গাঞ্জা ব্যৱসায়ীয়ে ৰমৰমীয়া বেহা চলাই আহিছে তেনে সময়তে বাক্সা আৰক্ষীৰ জালত পৰিছে দুই লক্ষাধিক মূল্যৰ গাঞ্জাসহ এগৰাকী কুখ্যাত গাঞ্জা ব্যৱসায়ী। বাক্সা জিলাৰ  মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিকাছীত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নৰেণ হালৈ নামৰ গাঞ্জা ব্যৱসায়ীগৰাকীৰ  গৃহৰ পৰা ৩৪ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে নৰেণ হালৈ নামৰ গাঞ্জাব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য দুই লক্ষাধিক টকাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাক্সা জিলাৰ উপৰি বৰপেটা, কামৰূপ, নলবাৰী আৰু চিৰাং জিলাত গাঞ্জা ব্যৱসায়ীৰে বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। অৱশেষত মুছলপুৰ-নিকাছী আৰক্ষীৰয়ে যুটীয়াভাৱে অভিযান চলাই ব্যৱসায়ীজনক দুই লক্ষাধিক টকাৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰি সম্প্ৰতি মুছলপুৰ আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close