অসম

বাক্সাত যুৱক সন্ধানহীন

প্ৰথম খবৰ,শালবাৰী: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গোৱৰ্দ্ধণা আৰক্ষী থানাৰ অন্তৰ্গত কাটাঝাৰ গাঁওৰ শহিদ মিঞা নামৰ লোকজনৰ পুত্ৰ ছাইদুল ইছলাম ( ২২) যোৱা ১২ জুলাইৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । ১২ জুলাইৰ দিনৰ ভাগত ঘৰৰ পৰা এপাক ওলাই উভটি আহিম বুলিয়েই যোৱা ছাইদুল ইছলাম আজি এসপ্তাহ উকলি যোৱাৰ পিছতো ঘৰলৈ উভটি নাহিল । পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ অন্ততো যুৱকজনৰ কোনো সন্ধান নোপোৱাত ইতিমধ্যে গোৱৰ্দ্ধণা থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ২২৪/ ১৭ নম্বৰত ৩৬৩ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ পালে পৰিয়ালৰ লোকে ৮৪৮৮৭২৯৯২৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close