অসম

বাঢ়নী পানীয়ে উটুৱালে, গোমনদীৰ কাঠৰ দলং, জলবন্দী সহস্ৰাধিক লোক

প্ৰথম খবৰ, বগীনদী: আজি পুৱা প্ৰায় ৬ টা বজাত গোমনদী অঞ্চলৰ গোমনদী নৈৰ ওপৰত থকা কাঠৰ দলঙখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলখনৰ চাৰিখন গাঁৱৰ সহস্ৰাধিক লোক যোগাযোগ বিচ্ছিন্ন হৈ জলবন্দী হৈ পৰিছে। লখিমপুৰ জিলাৰ, বগীনদী উন্নয়ন খণ্ড তথা কদম ৰাজহ চক্ৰৰ অধীনৰ থৌ থুৱনি পঞ্চায়তৰ গোমনদী অঞ্চলৰ যোগাযোগৰ একমাত্ৰ স্থল জৰাজীৰ্ণ  কাঠৰ এই দলঙখন আজি নৈয়ে উটুৱাই নিয়াৰ ফলত গোমনদী, উত্তৰ গোমনদী, চিনাতলীয়া চাহ বাগানৰ সহস্ৰাধিক লোকৰ বন্ধ হৈ পৰিছে। অতি প্ৰত্যন্ত অঞ্চলত অৱস্থিত এই দলঙখনক লৈয়ে অঞ্চলবাসী ৰাইজে স্থানীয় পঞ্চায়ত, উন্নয়ন খণ্ড আৰু বিধায়ক তথা মন্ত্ৰী, নৱ কুমাৰ দলেক আৱেদন নিবেদন কৰি আহিছে। যদিও প্ৰতিবাৰৰ নিৰ্বাচনি প্ৰতিশ্ৰুতিহে হৈ পৰা এই কাঠৰ দলঙৰ কোনো দিনে মেৰামতি হোৱা নাছিল।

Related Articles

Leave a Reply

Close