অসম

বানজনিত ৰোগ-ব্যাধিয়ে ছানি ধৰিছে কোৱঁৰপুৰ : শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক আছুৰ স্মাৰকপত্ৰ

প্ৰথম খবৰ,দিখৌমুখ: ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকৰী বানত শিৱসাগৰ জিলাৰ বৃহত্তৰ কোৱঁৰপুৰ অঞ্চল জলমগ্ন হোৱাৰ লগতে শেহতীয়াকৈ অঞ্চলটোত প্ৰাদুৰ্ভাৱ ঘটিছে বিভিন্ন বানজনিত ৰোগ ব্যাধিৰ৷ অঞ্চলটোৰ প্ৰায় ৬০ শতাংশ জনসাধাৰণেই এনকেফ্লাইটিছ, জ্বৰ, ডায়েৰীয়া আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে৷ এনে বানজনিত ৰোগৰ প্ৰদুৰ্ভাৱ বৃদ্ধি হৈছে বৃহত্তৰ অঞ্চলটোৰ শান্তিপুৰ, বোকাবিল,ৱৱ নকটানি, বলিয়াঘাট, গটঙা, স’ৰাগুৰি, কমাৰফদীয়া আদি গাওঁ সমূহত৷ উল্লেখ্য যে অঞ্চলটোৰ ফাকুম কমাৰ ফদীয়া গাৱঁত ইতিমধ্যে নিৰ্মালী গোৱালা নামৰ এগৰাকী মহিলা জাপানীজ এনক্লেফ্লাইটিছত আক্ৰান্ত হৈ মৃত্যমুখতো পৰাৰ ঘটনাও সংঘটিত হৈছে৷ অন্যহাতে আন কেইবাগৰাকী এই ৰোগত আক্ৰান্ত হৈ বৰ্তমানো চিকিৎসাধীন হৈ আছে৷ এনেক্ষেত্ৰত পশ্চিম কোৱঁৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আজি সংশ্লিষ্ট আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰ জিলা স্বাস্থ্য সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে৷ এক প্ৰেছ বিবৃতিৰ যোগে সংশ্লিষ্ট আছুৱে জনাইছে যে পশ্চিম কোৱঁৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে নয়নমণি বৰঠাকুৰ আৰু দেবাৰুণদ্বীপ দত্তৰ স্বাক্ষৰিত উক্ত স্মাৰক পত্ৰত জিলা স্বাস্থ্য বিভাগত অতি শীৰ্ঘে বৃহত্তৰ কোৱৰপুৰত প্ৰাদুৰ্ভাৱ ঘটা বানজনিত ৰোগসমূহৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে৷ অন্যহাতে সমগ্ৰ অঞ্চলটোত ফ্ৰগিঙৰ ব্যৱস্থ গ্ৰহণ কৰিবলৈও স্মাৰক পত্ৰ খনত দাবী জনোৱা হৈছে৷ স্মৰ্তব্য যে কোৱঁৰপুৰ সহায়ক স্বাস্থ্য কেন্দ্ৰটোক বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তালৈ লক্ষ ৰাখি এখন ত্ৰিশ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰণৰ বাবে পশ্চিম কোৱঁৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে৷ শিৱসাগৰ মহকুমা আছুৰ সভাৰ মণ্টু চাহুৰ উপস্থিত আজি স্মাৰক পত্ৰ প্ৰদানৰ সময়তো উক্ত বিষয়ত যুটীয়া সঞ্চালকৰ পৰা জানিব বিচৰাত সঞ্চালক গৰাকীয়ে আছুৰ দলটোক ইতিমধ্য এই বিষয়ত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷

Related Articles

Leave a Reply

Close