অসম

বানাক্ৰান্তৰ কাষত ঢকুৱাখনা স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ দলে

প্ৰথম খবৰ , ঢকুৱাখনা: চাৰিকড়ীয়াৰ আৰু চাম্পৰা নৈৰ বাঢ়নিপানিয়ে বহুত ঘৰ দুৱাৰ, খেতি-পথাৰ আদি নষ্ট কৰা লগতে কেইবাটাও পশুধনৰ মৃত্যু হৈছে। আজি ঢকুৱাখনা মহকুমাৰ বহু ভিতৰুৱা অঞ্চলৰ বানাক্ৰান্তৰ ওচৰত উপস্থিত হৈছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। বানপীড়িত এলেকা পৰিদৰ্শন কৰি মন্ত্ৰী নৱ দলে গাঁৱৰ বিভিন্ন সমস্যাৰাজিৰ বুজ লয় আৰু বানাক্ৰান্তৰ ৰাইজৰ সমস্যা-অভাৱ আদি দূৰ কৰিবলৈ প্ৰশাসনে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বহু ভিতৰুৱা অঞ্চলৰ বানাক্ৰান্তৰ ওচৰলৈ এতিয়াও যাব পৰা নাই কোনো এজন বিষয়া কৰ্মচাৰী।

Related Articles

Leave a Reply

Close