অসম

‘বান খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাতকৈ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক’

প্ৰথম খবৰ, বগীনদী: বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাতকৈ ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। এই মন্তব্য আম আদমী পাৰ্টি চমুকৈ আপৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক তথা গুৱাহাটী স্থিত আৰোহণ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি এলভিন বৰুৱাৰ।

আজি কদম ৰাজহ চক্ৰৰ অধীনৰ সোৱণশিৰি নৈৰ খহনীয়াত বিধস্ত হোৱা দুৰ্গত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আহি, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বান সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা নীতিসমূহৰ তীব্ৰ সমালোচনা কৰি এই মন্তব্য আগবঢ়ায়। আম আদমী পাৰ্টিৰ এই নেতাগৰাকীৰ নেতৃত্বত আৰোহণ নামৰ বেচৰকাৰী সংস্থাৰ এটা নজনীয়া দলে ৰাজহ চক্ৰৰ অধীনৰ হেকেৰাজান আৰু ভীমপৰা মথাউৰি গাঁৱৰ  প্ৰায় তিনিশতাধিক খহনীয়া গ্ৰস্ত পৰিয়ালৰ মাজত বিপুল পৰিমাণৰ খাদ্য সামগ্ৰীৰ লগতে পৰিধান বস্ত্ৰ বিতৰণ কৰে।

স্থানীয় যুৱক কিশোৰ দৈমাৰী আৰু অনিল চাংমাইৰ সহযোগত দলটোৱে দুৰ্গত ৰাইজক চাউল চিৰা, মুৰী, বিস্কুট, গাখীৰৰ পেকেট, পানী বটল, নিমখ আদিৰ লগতে বুঢ়াৰ পৰা লৈ শিশু উপযোগী পৰিধান বস্ত্ৰ বিতৰণ কৰে।

Related Articles

Leave a Reply

Close