অসম

বাল্য বিবাহত জড়িত আমছু কৰ্মীক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,খাৰুপেটিয়া: যি সময়ত বাল্য বিবাহ বন্ধ কৰাৰ বাবে আমছুৱে ৰাজ্যজুৰি উঠি পৰি লাগিছে সেই সময়তে আমছুৰ এজন উপ-সভাপতিয়ে বাল্য বিবাহৰ দৰে এক জঘন্য কাৰ্যকলাপত লিপ্ত হৈ বহিস্কাৰ হবলগীয়া হৈছে ৷ উল্লেখ্য যে দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত ২নং থেকেৰাবাৰী গাওৰ হানিফ আলীয়ে জুলাই মাহৰ ১৬ তাৰিখে একে গাওৰে ১৫ বছৰীয়া কিশুৰী এজনীক ফুচুলাই পলুৱাই নি বিয়া পাতে৷বিয়াত বাল্য বিবাহ বিৰুধী মঞ্চই বাধা দিয়া সত্বেও কিশুৰী গৰাকীক চক্ৰান্তমুলক ভাৱে পলুৱাই নি বিয়া পাতে ৷ তাৎপৰ্যপুৰ্ণ কথা হল বালাবাৰী আঞ্চলিক আমছুৰ উপ সভাপতিৰ দৰে দায়িত্ব পূৰ্ণ পদত থাকি কম বয়সীয়া কিশুৰীক অবৈধ ভাৱে বিয়া পতাটো ৰহস্যৰ কথা হৈ পৰিছে ৷ জানিব পৰা মতে হানিফ আলীক সংগঠনৰ সংবিধান বিৰূধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে জিলা আমছুৰ সভাপতিৰ নিৰ্দেশ মৰ্মে তৎকালিন ভাৱে বলবৎ হোৱাকৈ আমছুৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰা হৈছে ৷ বহিস্কাৰৰ পিছতেই বাল্য বিবাহৰ দৰে জঘন্য কাণ্ডত জড়িত হোৱাৰ অপৰাধত ধূলা থানাৰ আৰক্ষীয়ে হানিফ আলীক আটক কৰে ৷

Related Articles

Leave a Reply

Close