অসম

বিটিচি সচিবালয়ত আত্মজাহৰ হুংকাৰ প্ৰাথমিক শিক্ষক সন্থাৰ

প্ৰথম খবৰ, গোসাঁইগাঁও: বিটিচি’ৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ প্ৰাদেশীকৰণৰ আশা বান্ধি দীৰ্ঘদিন ধৰি বিনা পাৰিশ্ৰমিকেৰে কষ্টৰ মাজত ভেঞ্চাৰ বিদ্যালয়ত শিক্ষকতা কৰা সকলৰ সম্প্ৰতি মোহভংগ হৈছে৷ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাৰে ভৱিষ্যতৰ এগৰাকী সুনাগৰিক গঢ়াৰ দায়িত্ব পালন কৰিও চৰকাৰৰ বঞ্চনাৰ বলি হোৱা দুৰ্ভগীয়া অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলে এইবাৰ আন্দোলনৰ পথ বাচি ল’বলৈ বাধ্য হৈছে৷ আত্মজাহৰ হুংকাৰো দিয়ে প্ৰতিবাদী শিক্ষকে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে সদৌ বিটিচি অমঞ্জুৰীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে এইবাৰ বিটিচি সচিবালয়ৰ সন্মূখত পাঁচ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী তথা ইয়াৰ পৰবৰ্তী বিটিচি সচিবালয় ঘেৰাও কাৰ্যসূচী ৰুপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

প্ৰাথমিক শিক্ষক সন্থাই শান্তিপূৰ্ণ ভাৱে আলাপ আলোচনাৰ জৰিয়তে বিটিচি’ৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশীকৰণৰ প্ৰক্ৰিয়াৰ সমাধান বিচাৰি বিটিচি’ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ সৈতে কেইবাবাৰো সাক্ষাৎ কৰে আৰু সন্থাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে৷ যদিও বিটিচি’ চৰকাৰৰ পৰা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসু আশ্বাস লাভ নকৰি বহু শিক্ষক হতাশাত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে৷

বিবৃতি খনত উল্লেখ কৰা মতে, আজি কোকৰাঝাৰ জিলা সদৰ চহৰস্থিত বড়ো সাহিত্য সভা ভৱনত সদৌ বিটিচি অমঞ্জুৰীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ য’ত বিটিচ এলেকাৰ প্ৰায় দুই শতাধিক ভেঞ্চাৰ শিক্ষক উপস্থিত থাকে৷ সভাখনত সৰ্বসন্মতি ক্ৰমে সদনে প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি অহা ৫ আগষ্টত বিটিচি সচিবালয়ৰ সন্মূখত পাঁচ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি ৮ আগষ্টত বিটিচি সচিবালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা বুলি বিবৃতিখনৰ যোগেদি ঘোষণা কৰে৷

সদৌ বিটিচি অমঞ্জুৰীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে প্ৰাণজিৎ বসুমতাৰী আৰু ৰতণ চন্দ্ৰ বৰ্মন স্বাক্ষৰিত বিবৃতিখনত বিটিচি চৰকাৰে ভেঞ্চাৰ শিক্ষক সকলৰ দীৰ্ঘদিনীয়া দাবীক সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ নকৰিলে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে৷ প্ৰয়োজনত বিটিচি চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত বিটিচি সচিবালয়ৰ সন্মূখত আত্মজাহ দিবলৈও প্ৰস্তুত বুলি সকীয়াই দিয়ে৷

Related Articles

Leave a Reply

Close