অসম

বিধায়ক নুৰুল হুদাৰ উদ্যোগত ৰূপহীহাটত শতাধিক হজযাত্ৰীক দিনজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণ প্ৰদান 

প্ৰথম খবৰ, ৰূপহীহাট: ৰূপহীহাট সমষ্টিৰ বিভিন্ন স্থানত আজি হজলৈ যাবলগীয়া যাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰশিক্ষণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । তদুপলক্ষে জুৰীয়া আহমদীয়া হাফীজিয়া মাদ্ৰাছাত আজি হজ যাত্ৰীসকলৰ এদিনীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰে বিধায়ক নুৰুল হুদাই। জানিব পৰা মতে, ৰূপহীহাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ১০৩ জন হজ যাত্ৰীক প্ৰশিক্ষীত হাজীৰ দ্বাৰা জুৰীয়াৰ আহমাদীয়া হাফীজিয়া মাদ্ৰাছাত হজ সৰ্ম্পকে প্ৰশিক্ষণ দিয়া হয়। উল্লেখ যে এইবাৰ সমগ্ৰ সমষ্টিখনৰ পৰা মুঠ ১০৬ গৰাকী পুৰুষ-মহিলা পৱিত্ৰ হজৰ বাবে মক্কালৈ যাব । প্ৰত্যেক বছৰৰ দৰে এই বাৰো পবিত্ৰ মক্কা লৈ হজৰ কাৰণে ৰূপহীহাট সমষ্টিৰ ১০৬ জন পুৰুষ -মহিলাই হজলৈ যোৱাৰ মনস্থ কৰিছে। আজি দিনজোৰা কাৰ্যসূচিৰে হজ সৰ্ম্পকে হজ যাত্ৰী সকলক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ লগতে সম্বৰ্দ্ধনা জনোৱা হয়।  ২২ জুলাইত প্ৰথমভাগ হজযাত্ৰী মক্কালৈ ৰাওণা হোৱাৰ প্ৰাকক্ষণত জুৰীয়াত এনে প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰাত সমষ্টিৱাসী ৰাইজে বিধায়ক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close