অসম

বিশ্বনাথত আদিবাসী ছাত্ৰ সন্থাৰ ২১ তম প্ৰতিষ্ঠা দিৱস পালন

প্ৰথম খবৰ,বৰগাং: আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২১ তম্ প্ৰতিষ্ঠা দিৱসটি বিহালীৰ বাপুঝাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত দিনযোৰাকৈ পালন কৰে ৷বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বাপুঝাৰ প্ৰাথমিক গোটৰ সহযোগত উদযাপন হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা ৮ বজাত পতাকা উত্তোলনৰে আৰম্ভ হয় ৷ সভাত সভাপতিত্ব কৰে বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰবীন ঘাটোৱাৰে ৷ছহিদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে বিহালী আঞ্চলিক আৰু বাঘমৰা আঞ্চলিকৰ সম্পাদক ক্ৰমে মংগলু চব্বৰ আৰু জীৱন হাপ্পাই ৷ইয়াৰ পিছত দিনৰ ১ বজাৰ পৰা সংগঠনটোৰ উপদেষ্ঠা সুনীল কিষানৰ সভাপতিত্বত মুলসভা অনুষ্ঠিত হয় ৷সভাত মূখ্য অতিথি হিচাপে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি জন তিৰ্কী ,কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন শিক্ষা সম্পাদক প্ৰদীপ হেমৰণ উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলাৰ সম্পাদক অদিত কূৰ্মী ,উপদেষ্ঠা পংকজ মহানন্দ ,শিক্ষা সম্পাদক ফুলজেন কিষাণ আদিয়ে বক্তৱ্য অাগবঢ়ায় ৷এই সভাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ সৰ্বমুঠ ৩৩ গৰাকী জনগোষ্ঠীটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে ৷

Related Articles

Leave a Reply

Close