অসম

বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাৰ সমষ্টিৰ বৰ্ষপূৰ্তি খতিয়ানৰ ৰাজহুৱা সভা

প্ৰথম খবৰ,ধলপুৰ: তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধান সভা সমষ্টিৰ এবছৰীয়া প্ৰথম বৰ্ষপূৰ্তিৰ খতিয়ান আজি বিধায়ক দেবানন্দ হাজৰিকাই ৰাইজৰ আগত দাঙি ধৰে ৷ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিয়লি তিনিবজাত অনুষ্ঠিত বৰ্ষপূৰ্তিৰ খতিয়ানৰ সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ গিৰীশ ভূঞাই ৷ নাৰায়ণপুৰ ব্লক মণ্ডলৰ সভাপতি নিতুমনি বৰুৱাই আঁত ধৰা সভাখনত “প্ৰগতিৰ সোপানত এখোজ” শীৰ্ষক খতিয়ানৰ হাতপুথিখন উন্মোচন কৰে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ৷ সভাখনত বিধায়ক হাজৰিকাই বিগত বৰ্ষত সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত ৰূপায়ন কৰা আৰু গ্ৰহন কৰা আচঁনি সমূহৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানটোত দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰী, বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৱ দত্ত, অৱসৰ প্ৰাপ্ত অধ্যাপক যতীন মহন্তকে আদি কৰি সমষ্টিৰ বহু সংখ্যক লোক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close