অসম

বৰপেটাৰোডত অগপৰ সভা

প্ৰথম খবৰ, বৰপেটাৰোড: অসম গণ পৰিষদৰ বৰপেটাৰোড নগৰ সমিতিৰ উদ্যোগত আজি এখনি সভা বৰপেটাৰোড ক্লাৱত অনুষ্ঠিত হয়। সভাত অগপ দলৰ সাংগঠনিক দিশৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হয়। অগপ দলৰ জ্যেষ্ঠ নেতা তথা বিধায়কদ্বয় ফণী ভূষণ চৌধুৰী, গুণীন দাস, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদদ্বয় কুমাৰ দীপক দাস আৰু ডেভিদ লেজাৰৰ লগতে শতাধিক দলীয় কৰ্মী তথা সমৰ্থকে সভাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই অলপতে বৰপেটাৰোডলৈ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে আহিব । সেয়ে তাৰ বাবে এখনি আদৰণি সমিতিয়ো আজিৰ সভাত গঠন কৰা হয়।

Related Articles

Leave a Reply

Close