অসম

ভূৰাগাঁৱত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লাহৰীঘাট: দহদিন পূৰ্বে মৰিগাঁৱৰ ভূৰাগাঁৱত নাও দুঘটনা সংঘটিত হৈ দুজন লোক সন্ধানহীন হৈ আছিল। কালি সন্ধানহীন হোৱা এজনৰ মৃতদেহ টেঙাতলি চৰত উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা লোক জনৰ নাম চামচুদ্দিন আলী (৬০)। লোকজনৰ ঘৰৰ লাহৰীঘাটৰ দাতীয়ালবঢ়ীত। ১৭জুলাইত ভূৰাগাঁৱৰ নদী ঘাটৰ পৰা পিঠা খাইতি চৰলৈ কেইজনমান লোকে যন্ত্ৰ চালিত নাৱৰে যাত্ৰা কৰিছিল কিন্তু দুভাগ্যবশতঃ ব্ৰহ্মপুত্ৰ মাজত দুঘটনা সংগঠিত হৈ দুজন লোক ব্ৰহ্মপুত্ৰৰ মাজত সন্ধানহীন হৈ আছিল। SDRF বাহিনীয়ে সন্ধান চলাইছিল যদিও কোনো সফলতা লাভ কৰিব পৰা নাছিল। কালি অৰ্ধ গেলিত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ভূৰাগাঁও আৰক্ষীক খবৰ দিয়ে। আজি ভূৰাগাঁও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে সন্ধানহীন হোৱা আন এজন কপিল উদ্দিনৰ কোনো সম্ভেদ পোৱা নাই সম্প্ৰতি সময়ত।

Related Articles

Leave a Reply

Close