অসম

মথাউৰিয়ে আশ্ৰয়স্থল : সাপ-বেঙৰ সৈতে সহাৱস্থান চেচেলাবাসীৰ

প্ৰথম খবৰ , ধেমাজি: দুয়োপাৰে দুটা মথাউৰি। মাজত এখন গাঁও৷ পাহাৰত এজাক বৰষুণ দিলে গাঁওখনৰ বুকুৱেদি বৈ যায় কুমতীয়া নৈ৷ অৰুণাচল পাহাৰত বৰষুণ দিলে টালি-টোপোলা বান্ধি মথাউৰিৰ ওপৰলৈ ধাপলি মেলে ধেমাজিৰ চেচেলা নামৰ গাঁওখনৰ গঞাই৷ ৩০ জুনৰ ভয়াবহ বানে তচনছ কৰি পেলালে চেচেলা গাঁওখন৷ ভঁৰাল ঘৰৰ ওপৰৰে বাগৰিল কুমতীয়াৰ পানী৷ মথাউৰিৰ ওপৰত আশ্ৰয় ল’লে চেচেলা গাঁৱৰ বন্যাৰ্তই৷ বানৰ প্ৰকোপ এতিয়া কমিল। কিন্তু বন্যাৰ্তৰ দুৰ্দশা নকমিল৷
চেচেলা গাঁৱৰ ১৮ টা বন্যাৰ্ত পৰিয়ালৰ জহি খহি যোৱা ঘৰবোৰত এতিয়া সাপ বেঙা বাঁহ৷ গুটি ধানৰ ভঁৰালৰ ধানবোৰ এতিয়া গজি কঠিয়াৰ ৰূপ ল’লে৷ ঘৰ-দুৱাৰৰ অৱস্থা নাই৷ যেতিয়াই তেতিয়াই বান অহা চেচেলা গাঁৱৰ বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নাই প্ৰশাসনৰ৷ অৰুণাচলৰ পাহাৰত বৰষুণ দিলে আকৌ বান আহিব চেচেলা গাঁৱলৈ৷ ভয়াৰ্ত গাঁওবাসীক সকাহ দিবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ৷ কুমতীয়াই সকলো কাঢ়ি নাই চেচেলাৰ বন্যাৰ্তই বিচাৰিছে চৰকাৰ প্ৰশাসনে তেওঁলোকক অকণমান আশ্ৰয়স্থল যোগাৰ কৰি দিয়ক৷ কিন্তু খবৰ নাই চৰকাৰ প্ৰশাসনৰ৷  এতিয়াও মথাউৰিৰ ওপৰতে দুৰ্বিষহ দিন অতিবাহিত কৰি চেচেলাৰ ১৮টা পৰিয়ালৰ দুখ যাতনাৰ বুজ ল’বলে আহিবনে কোনোবা, সেয়াই গাঁওবাসীৰ বাবে ডাঙৰ প্ৰশ্ন ৷

Related Articles

Leave a Reply

Close