অসম

মহুৰামুখৰ বানাক্ৰান্ত বাপ-আইৰ কাষত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ

প্ৰথম খবৰ, খুমটাই: আজি গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ মহুৰামুখৰ কেইবাখনো গাঁৱৰ বানাক্ৰান্ত বাপ আইৰ দুৰ্দশা খবৰ ল’লে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ জীৱেশ্বৰ বৰা, মূলৰ সদস্য ধৰ্মেশ্বৰ হাজৰিকা, শৰণ সদস্য মহেশ্বৰ ৰাজবংশী, জিলা সভাপতি ধনেশ্বৰ লইং, জিলা প্ৰাক্তন সভাপতি বিনোদ ৰঞ্জন হাজৰিকা, জিলাধিনায়ক চন্দন বৰা, জিলা সেৱাবাহিনী সংস্কৃতিৰ উপ সচিব মাধুৰ্য্য শইকীয়া, প্ৰাক্তন মূলৰ সদস্য যোগেশ লইঙৰ লগতে মহুৰা আঞ্চলিক শাখাৰ সভাপতি সম্পাদক সহ জিলা শাখাৰ বিষয়ববীয়া সকলে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বিষয়ববীয়া সকলে প্ৰথমে মহুৰামুখৰ অতি ভিতৰুৱা নামটেমেৰা গাঁৱত উপস্থিত হৈ ৰাইজৰ খবৰ লোৱাৰ লগতে অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ পথটো বাঢ়নী পানীৰ ফলত চিগি যোৱা অংশ পৰিদৰ্শন কৰাৰ লগতে বানত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বংকুৱালৰ ৰাইজৰ সৈতে মতবিনিময় কৰে। উল্লেখ্য যে, আজি উপ পদাধিকাৰ জীৱেশ্বৰ বৰাৰ লগতে বোকাখাত জিলা শাখাৰ কেইবাজনো ৭০ উৰ্দ্ধৰ বাপে বাঢ়নী পানীৰ মাজে মাজে বহু কষ্টৰে ভিতৰুৱা অঞ্চলটোলৈ আহি বাপ আই সমস্তৰ দুৰ্দশা সময়ত খবৰ লোৱাত অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে শলাগ লৈছে ।

Related Articles

Leave a Reply

Close