অসম

মহুৰামুখৰ শিশুশিল্পীসকলৰ বলিষ্ঠ অভিনয়ৰে “লৱ কুশ হৰণ ” ভাওনা মঞ্চস্থ

প্ৰথম খবৰ, খুমটাই: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতি সন্মান জনাই কৃষ্টিৰ পথাৰখনত সৃষ্টিৰ বীজ সিঁচিবলৈ মহুৰামুখৰ শিশু শিল্পীসকলৰ দ্বাৰা বলিষ্ঠ অভিনয়েৰে “লৱ কুশ হৰণ “নামৰ নাট  নিশা মহুৰামুখ বাসুদেৱ নামঘৰত মঞ্চস্থ হৈ যায় । প্ৰতিজন শিশু শিল্পীয়ে বৰ সুন্দৰভাৱে অভিনয়, সংলাপে উপস্থিত দৰ্শকৰ মন মুগ্ধ কৰিলে। উল্লেখ্য যে, আধুনিক যুৱ উশৃংখলতা পৰা শিশুসকলক আঁতৰাই ৰাখি এটা সৎ আৰু আধ্যাত্মিক পথৰ সন্ধান দিবলৈ অভিনয় প্ৰতি শিশুসকলক আগ্ৰহশীল কৰিবৰ বাবে, অভিনয় প্ৰতিভা বিকাশৰ বাবে, সৃষ্টিশীলতা বাবে, শিশুসকলৰ মাজত আধ্যাত্মিক জ্ঞান, ভাতৃত্ববোধ জাগৰণৰ বাবে প্ৰতিবছৰে মহুৰামুখৰ বিশিষ্ট ব্যক্তি অসীম বৰা, নিৰেন বৰা, দেৱকান্ত হাজৰিকা, মন্টু বৰা,গুনধৰ বৰা, দিব্যজ্যোতি হাজৰিকাৰ দৰে ব্যক্তিসকলৰ অাপ্ৰাণ চেষ্টা শিশুসকলৰ মাজত প্ৰতিবছৰে শিশুসকলৰ গ্ৰীষ্মকালীন বিদ্যালয় বন্ধত একোখনকৈ মাতৃভাষা ভাওনা মঞ্চস্থ কৰি আহিছে।
শিশু সকলৰ ভাওনা উদ্ধোধন কৰে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া । আৰক্ষী বিষয়া চুতীয়াই নামঘৰত উপস্থিত ৰাইজৰ উদ্দেশ্যে কয় যে ভাওনা সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ অসমীয়া জাতিৰ বাবে শুভ লক্ষণ। সাম্প্ৰতিক সময়ত গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতি প্ৰাসংগিকতা অত্যন্ত জৰুৰী। মহুৰামুখৰ ৰাইজে উঠি অহা শিশুসকলক ভাওনাৰ জৰিয়তে আধ্যাত্মিক জ্ঞান দিয়াৰ লগতে অভিনয় শিকোৱাৰ বাবে আদৰণি জনাইছে।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close