অসম

মাজুলীত বানত ক্ষতিগ্ৰস্ত কৃষকক বিনামূলীয়া কঠীয়া আগবঢ়াব কৃষি বিভাগে : ফুলনিত কঠীয়া সিঁচিলে উপায়ুক্তই

প্ৰথম খবৰ,মাজুলী: শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ কৃষক সকাহ দিয়াৰ বাবে বিশেষ উদ্যোগ লৈছে জিলা প্ৰশাসন আৰু কৃষি বিভাগে। বান ক্ষতিগ্ৰস্ত কৃষক সকলক বিনামূলীয়া শালি ধানৰ কঠিয়া যোগান ধৰিবলৈ ব্যৱস্থা কৰিছে মাজুলী জিলা কৃষি বিভাগে। মাজুলীৰ উপায়ুক্ত পল্লব গোপাল জাঁৰ উদ্গনিত জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকৰ নেতৃত্বত বানপীড়িত অঞ্চলৰ কৃষকৰ মাজত বিতৰণ বাবে বিভগটোৱে আঠ তা স্থানত ৬৫হেক্টৰ মাটিত থলুৱা প্ৰজটিৰ ধানৰ কঠিয়া পৰাৰ ব্যবস্থা লৈছে। সমূহীয়া কঠিয়া উৎপাদন কায্যসূচীৰ অধীনত জিলা কৃষি বিভাগে হাতত লোৱা কায্যসূচী আজি শুভাৰম্ভ কৰে মাজুলীৰ উপায়ুক্ত গৰাকীয়ে।নাঙ্গলৰ মুঠিত ধৰি হাল বোৱাৰ লগতে মৈ দিয়ে আৰু কঠিয়া সিঁচে ৷ জিলা কৃষি বিষয়া পাঠকে জনোৱা মতে মাজুলী জিলা বান ক্ষতিগ্ৰস্ত ১৯৫০ টা পৰিয়াল মাজত বিতৰণ কৰিব লগীয়া কঠিয়া আগুন্তক পশ্চিছ দিনৰ ভিতৰত পথাৰত ৰুব পাৰিব।

Related Articles

Leave a Reply

Close