অসম

মাজুলীৰ বানাক্ৰান্ত ৰাইজৰ মাজত প্ৰতিদিন টাইমৰ সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, মাজুলী: মাজুলীৰ বানাক্ৰান্ত ৰাইজৰ মাজত আজি সাহাৰ্য বিতৰণ কৰে প্ৰতিদিন টাইমে। অকল বাতৰি পৰিবেশন কৰিয়ে দায়িত্ব নাসামৰি বানে সৰ্বহাৰা কৰা বানাক্ৰান্তসকলৰ কাষত থিয় দিছে প্ৰতিদিন টাইমে। আজি মাজুলীত বানসাহাৰ্য লৈ মাজুলীৰ স্থানীয় সাংবাদিক তীৰ্থ ভূঞা সহযোগত মাজুলীৰ মহৰিচুককে ধৰি তিনি খন গাঁৱৰ পৰা ৬০০ পৰিয়ালৰ মাজত এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে। এই সামগ্ৰী সমূহৰ ভিতৰত কাপোৰ, দাইল, চাউল, লগতে ঔষদ পানী বটল, ছাতি বিতৰণ কৰে। ঔষদসমূহ স্থানীয় ডক্টৰ সহযোগত বিলাবৰ বাবে স্থানীয় সংগঠনক দায়িত্ব দিয়ে। বানাক্ৰান্ত লোকসকলে প্ৰতিদিন টাইমৰ এই পদক্ষেপক ধন্যবাদ জনাই।

Related Articles

Leave a Reply

Close