অসম

মানিকপুৰ আদৰ্শ চিকিৎসালয়ত মদাহীৰ দাদাগিৰি, চিকিৎসকক প্ৰহাৰৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ মানিকপুৰ আদৰ্শ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি। মদাহী যুৱকৰ এটা দলে দুৰ্ব্যৱহাৰ কৰিলে কৰ্তব্যৰত চিকিৎসকৰ লগত। নাৰ্ছক অশ্লীল গালি গালাজ পাৰাৰ অভিযোগ। নিশা ১২ বজাত দুৰ্ঘটনা সংঘটিত চকিহালীৰ পৰা আহিছিল ১০, ১২ জনীয়া এটা যুৱকৰ দল। অৰূপ ৰায় নামৰ যুৱক জনক চিকিৎসাৰ বাবে আনিছিল যুৱককেইজনে।চিকিৎসা কৰাৰ পিছতো দাদাগিৰি যুৱকৰ। চিকিৎসকক প্ৰহাৰ কৰিব নোৱাৰি দৰজা খিৰিকী ভাঙি চুৰমাৰ কৰিলে মাতাল যুৱকে। তেজ ছটিয়াই দিলে চিকিৎসালয়ৰ বেৰত। ইয়াৰ প্ৰতিবাদত মানিকপুৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক, কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট পালন কৰিছে। ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে এই ধৰ্মঘট। চিকিৎসা সেৱা বন্ধ হোৱাত ৰোগীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। বিনা চিকিৎসাত ঘৰমুৱা হ’ব লগা হৈছে বহু ৰোগী। ইফালে প্ৰতিবাদ অব্যাহত ৰাখিছে চিকিৎসালয়ৰ কৰ্মচাৰী সকলে। থানাত গোচৰ দিয়াৰ কথা প্ৰকাশ কৰিলে সাংবাদিকৰ আগত।

Related Articles

Leave a Reply

Close