যুৱ

জীৱনৰ সাৰ্থকতা ক’ত?

শেখৰ ভট্টাচাৰ্য

মানুহৰ জীৱনত বৈচিত্ৰ্যই যেন শেষ হ’বলৈ ধৰিছে। সময়ৰ লগত খাপ খাই জীৱনটো কটাবলৈকে আমি প্ৰয়োজনাধিক গতানুগতিক হৈ পৰিছোঁ। আমি জীয়াই থকাৰ কথা ভাবিছোঁ অথচ জীৱনটোৰ কথা ভবা হোৱা নাই। কেৱল টকা-পইচা উপার্জন কৰি পৰিয়ালটোৰ লগতে নিজেও সুখেৰে খাই বৈ জীয়াই থকাটোৱেই আমাৰ জীৱনৰ উদ্দেশ্য তথা লক্ষ্য নেকি?

বর্তমান সময়ৰ শিক্ষা লাভৰ আঁৰতে লুকাই আছে প্ৰাপ্তি। সেই প্ৰাপ্তি শিক্ষাগত অর্হতাৰ নতুবা এখন চার্টিফিকেটৰ। তেনে স্থলত শিক্ষাৰ প্ৰধান লক্ষ্য জ্ঞান লাভৰপৰা ফালৰি কাটি আহি আমি কি কৰিবলৈ শিক্ষা লাভ কৰিছোঁ। বিএ, বিকম, বিএছ-চি, এমএ, এমকম, এমএছ-চি আদি উচ্চ শিক্ষাগত অর্হতা থকাৰ পাছতো আমি সমাজৰ এতিয়াও এজন নিৱনুৱা হৈয়ে আছোঁ। কাৰণ আমি গ্ৰহণ কৰা শিক্ষাৰ প্ৰক্ৰিয়াটোৰ সার্থকতাই নির্ভৰ কৰে এটা চাকৰিৰ ওপৰত। যিটো আমি আমাৰ জীৱনৰ সার্থকতা বুলি ভাবোঁ।

চাকৰি এটাৰ প্ৰাপ্তিক আমাৰ জীৱনৰ সৰু এক সফলতা বুলি ধৰি ল’ব পাৰি কিন্তু জীৱনৰ সার্থকতা মুঠেই নহয়। আমাৰ জীৱনটো কোনো মূল্যৰে নির্ধাৰণ কৰাটো অসম্ভৱ যদিও আমাৰ জীৱনটোৰ উদ্দেশ্য আৰু লক্ষ্য মহান কৰি ল’ব পাৰিলে আমাৰ জীৱনো সফল হ’ব।

এজন ৰাজনীতিবিদ নোহোৱাকৈয়ে এজন মন্ত্ৰী-বিধায়ক নহ’লেও, কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলেও, চাকৰি এটা নাপালেও আমি নিশ্চিতভাৱে সুখী হ’ব পাৰোঁ। আমাৰ সমাজখন, ৰাজ্যখন, দেশখনৰ লগতে সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে যোগাত্মক দিশেৰে আগবাঢ়ি গৈ কিবা এটা কৰিব পৰাটোৱেই আমাৰ জীৱনৰ চৰম সার্থকতা বুলি মই ভাবোঁ।

মানৱ জাতিটোৰ উপৰি সমগ্ৰ পৃথিৱীখনৰ হকে চিন্তা কৰিব পৰাজনহে প্ৰকৃত মানুহ। জীৱনক সার্থক কৰি তুলিবলৈ বৰ এটা ডাঙৰ কাম নকৰিলেও হয়। সাধাৰণ এটা গছপুলিয়েই বহুত। আমি জীয়াই থাকো বা নাথাকো পৃথিৱীত তাৰ প্ৰভাৱ একেবাৰে নিখুঁট। তেনেস্থলত কিয়নো আমি আমাৰ জীৱনটোক প্ৰভাৱী কৰি নেপেলাওঁ? আমাৰ জীৱনৰ অস্তিত্বক হৃদয়াংগম কৰি সাধনা, একাগ্ৰতা, পৰিশ্ৰম, ধৈর্য, বিশ্বাস আদিৰ জৰিয়তে আনৰ হকে কিবা এটা কৰি জীৱনটোৰ সামৰণি মৰাটোৱেই আমাৰ জীৱনৰ সার্থকতা হ’ব। মানৱজীৱনৰ সম্পৰ্কে ৰাজবংশী ভাষাত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাই বিখ্যাত গীতো লিখি থৈ গৈছে।

“কচুৰ পাতাৰ জল যেমন ৰে ,
ও জীৱন টলমল টলমল কৰে
ওই মতন মানসেৰ দেহা
কখন ঢলিয়া পৰে জীৱন ৰে ।”

Related Articles

Leave a Reply

Close