বিনোদনশীৰ্ষ

মাৰাঠী যোদ্ধাৰ ৰূপত অজয় দেৱগন

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ২০১৯ চনত বলীউদৰ দেছিং হিৰ’ অজয় দেৱগনক দেখিবলৈ পোৱা যাব এখন মাৰাঠী ছবিত। ছবিখনৰ নাম ” তানাজী-দা অানছং ৱাৰিঅ’ৰ” আৰু ছবিখনত তানাজী মালুছৰেৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগনে। তানাজী ১৭০০ শতিকাৰ মাৰাঠা সাম্ৰাজ্যৰ সংস্থাপক শিৱাজীৰ সেনাদলৰ সেনাপতি অছিল। ওম ৰাৱতৰ ছবি তানাজীত অজয়ে মাৰাঠী যোদ্ধাৰ অভিনয় কৰিবলৈ সুযোগ লাভ কৰি যথেষ্ট সুখী বুলি ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত। উল্লেখযোগ্য যে চলিত বৰ্ষত অজয় দেৱগন অভিনীত ছবি ‘বাদশ্বাহো’ মুক্তি পাব ছেপ্তেম্বৰ মাহত। আনহাতে অজয় দেৱগন বৰ্তমান ব্যস্ত ‘গোলমাল এগেইন’ৰ শ্বুটিঙত।

Related Articles

Leave a Reply

Close