অসম

মুছলপুৰত এন. আৰ. চিৰ ভূৱা প্ৰমাণপত্ৰ যোগান ধৰাৰ অপৰাধত আৰক্ষীৰ জালত বাক্সাৰ দুই যুৱক

প্ৰথম খবৰ, মুছলপুৰ: যি সময়ত ৰাজ্যত এন. আৰ. চিত ভুৱা প্ৰমানপত্ৰ যোগান ধৰাৰ নামত এজনৰ পাছত এজন ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছে, তেনে সময়তে এন. আৰ. চিত ভূৱা জন্মৰ প্ৰমানপত্ৰ যোগান ধৰাৰ অপৰাধত আৰক্ষীৰ জালত পৰে বাক্সাৰ দুই যুৱক৷ বাক্সা জিলাৰ বৰমা আৰক্ষীয়ে এন. আৰ. চিত ভূৱা জন্মৰ প্ৰমানপত্ৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে সত্য বৰ্মন আৰু হীৰেন বৈশ্য নামৰ দুই যুৱকক৷ দুই ধৃত যুৱকে দীৰ্ঘদিনৰ পৰাই ভূৱা জন্মৰ প্ৰমানপত্ৰ যোগানৰ নামত সংগ্ৰহ কৰিছিল প্ৰতিখনৰ বিপৰীতে ৫০০ পৰা ১০০০ টকা পৰ্যন্ত৷ নলবাৰী আৰু বাক্সা জিলাৰ স্বাস্হ্য যুটীয়া সঞ্চালকালয়ৰ অধীনৰ জন্ম-মৃত্যু পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা এনেদৰে শ শ জন্মৰ প্ৰমানপত্ৰ যোগান ধৰাৰ কথা জানিব পাৰি নলবাৰী জিলাৰ স্বস্হ্য যুটীয়া সঞ্চালকে ধৃত দুই যুৱকৰ বিৰুদ্ধে এজাহাৰ দিয়াত বৰমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক৷ ধৃত দুই যুৱকৰ পৰা বহু ভূৱা জন্ম প্ৰমানপত্ৰ জব্দ কৰে৷ উল্লেখ্য যে, ভূৱা জন্মৰ প্ৰমানপত্ৰ যোগান ধৰা চক্ৰটোৰ লগত জড়িত বহু ৰথি-মহাৰথি জালত পৰাৰ সন্দেহ ব্যক্ত কৰে আৰক্ষীয়ে৷ ইফালে ধৃত সত্য বৰ্মনে প্ৰমান পত্ৰৰ এফিড এফিড নলবাৰী ক’ৰ্টত কৰা কথা স্বীকাৰ কৰে৷

Related Articles

Leave a Reply

Close