অসম

মুছলপুৰত বিশ্ব জনসংখ্যা দিৱস পালন

প্ৰথম খবৰ, মুছলপুৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰতো পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বাক্সা জিলাৰ উদ্যোগত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত জনসংখ্যা বৃদ্ধিৰ বাবে বিশ্বত বৰ্তমান কি সমস্যাৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত আলোচনা কৰা হয়৷ সভাত বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জেহেৰুদ্দিন আহমেদ, মুখ্য চিকিৎসক গুনিন্দ্ৰ নাথ দেৱ শৰ্মা, জিলা টিকাকৰণ বিভাগৰ চিকিৎসক হিতেশ কাকতিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰে। নতুন লহৰ, নতুন বিশ্বাস, সম্পূৰ্ণ দায়িত্বৰে পৰিয়াল বিকাশ মূলমন্ত্ৰেৰে অনুষ্ঠিত আজিৰ সজাগতা সভাত জিলাখনৰ দুইশতাধিক আশাকৰ্মী উপস্থিত আছিল।

Related Articles

Leave a Reply

Close