শীৰ্ষৰাষ্ট্ৰীয়

মুম্বাইৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল সঞ্জয় গান্ধীৰ কন্যা

নেচনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্চয় গান্ধীৰ কন্যা বুলি দাবী কৰা এগৰাকী মহিলাই মুম্বাইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আদালতৰ দ্বাৰস্থ হৈ তেওঁ দাবী কৰিছে জনপ্ৰিয় ছবি নিৰ্মাতা মধুৰ ভণ্ডাৰকৰৰ আগন্তুক ছবি ‘ইন্দু চৰকাৰ’ৰ মুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ। নিজকে যাচিকা পাল বুলি পৰিচয় দি আদালতত দাবী উত্থাপন কৰি কয় যে মধুৰ ভণ্ডাৰকৰে স্পষ্ট কৰক তেওঁৰ ছবিৰ ঘটনাটো কাল্পনিক নে সত্য। ইতিমধ্যে ছবি নিৰ্মাতা মধুৰ ভণ্ডাৰকৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছে যে ছবিখন ভাৰতত বলবৎ হোৱা জৰুৰীকালীন অৱস্থাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। চলিত মাহৰ ২৮ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ ১২টা দৃশ্য ইতিমধ্যে চেঞ্চৰ ব’ৰ্ডে কাটিছে আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। ইয়াৰ পিছতো ন্যায়াধীশ অনুপ মেহতাৰ ওচৰত যাচিকাৰ দাবী যে চেঞ্চৰ ব’ৰ্ডে প্ৰদান কৰা প্ৰমাণ পত্ৰও বাতিল কৰিব লাগে। অহা ২৪ জুলাইত শুনানিৰ দিন ধাৰ্য্য কৰা হৈছে আৰু সেইদিনাই দৰ্শকে জানিব পাৰিব যে ছবিখনে ২৮ জুলাইত মুক্তি পাব নে নাপায়।

Related Articles

Leave a Reply

Close