অসম

মেধাৱী ছাত্ৰলৈ চাইকেল প্ৰদান, অধ্যয়নৰ দায়িত্ব বহন বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ

প্ৰথম খবৰ, কোকৰাঝাৰঃ বজাৰত পাপৰ বিক্ৰী কৰি তীব্ৰ আৰ্থিক অনাটনক নেওচি হলেও পুত্ৰক সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ এগৰাকী দুখুনি বিধৱা মাতৃক সকাহ দিবলৈ সহায়ৰ হাত আগবঢ়াইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কোকৰাঝাৰ জিলা কমিটিয়ে৷ জিলাখনৰ চিথিলাৰ বগৰীগুৰিস্থিত বাসগৃহত উপস্থিত হৈ কৃতি ছাত্ৰ দিলীপ ৰায়ক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ঘৰৰ পৰা বিদ্যালয়লৈ অহা-যোৱাৰ বাবে এখন চাইকেল প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে৷ আজিৰ এই বিশেষ অনুষ্ঠানটোত সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন কোকৰাঝাৰ জিলা কমিটিৰ সাধাৰণ সম্পাদক নিকুঞ্জ তালুকদাৰ, বিটিএডি মাণ্ডলিক কমিটিৰ সভাপতি গোপাল ঘোষসহ আন ছাত্ৰ নেতা-কৰ্মীয়েও অংশ গ্ৰহণ কৰে৷ এইখিনিতে উল্লেখনীয় যে, দিলীপ ৰায় প্ৰয়াত খগেন ৰায় আৰু সম্প্ৰতি কোচ বিহাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুলনৰাণী ৰায়ৰ পুত্ৰ৷ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কোকৰাঝাৰ জিলা কমিটিয়ে মেধাৱী ছাত্ৰ দিলীপৰ স্নাতক পৰ্য্যন্ত পঢ়া-শুনাৰ সমস্ত খা-খৰচ বহন কৰিব বুলি জানিব দিছে৷

Related Articles

Leave a Reply

Close